বৰপেটাত গাড়ী বেটাৰী চোৰ সহ তিনিজনক আটক, চুৰি বেটাৰী জব্দ
বৰপেটা সদৰ আৰক্ষী থানাৰ আৰক্ষীয়ে বুধবাৰৰ নিশা এক অভিযান চলাই গাড়ী বেটাৰী চুৰি কাৰ্যত জড়িত তিনিটা চোৰক আটক কৰিবলৈ সক্ষম হয় ৷ জানিব পৰা মতে, বৰপেটা অঞ্চলত দীৰ্ঘ দিন ধৰি গাড়ীৰ বেটাৰী চুৰি হৈ আহিছিল ৷ বুধবাৰৰ নিশাও বৰপেটা জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সমীপৰ মিলেনিয়াম পাৰ্কত বৰপেটা জিলা পৰিবহন বিভাগে লক ডাউনৰ সময়ত জব্দ কৰি ৰখা গাড়ীৰ পৰা বেটাৰী চুৰ কৰি থকা বুলি পোৱা খবৰৰ ভিত্তিত বৰপেটা নগৰ আৰক্ষী পৰিদৰ্শক মুনীন্দ্ৰ দাসৰ নিৰ্দেশত সহকাৰী উপ-পৰিদৰ্শক বিপুল দাসৰ নেতৃত্বত যোৱা আৰক্ষীয়ে চোৰটোক হাতে লোটে ধৰিবলৈ সক্ষম হয় ৷আৰক্ষী আটক কৰা চোৰটো বৰপেটা চহৰৰ ভকত পাৰাৰ নিৰ্মল দাসৰ পুত্ৰ ৰাতুল দাস (২৮ ) বুলি জানিব পৰা গৈছে ৷ আৰক্ষীয়ে ৰাতুল দাসৰ স্বীকাৰোক্তিৰ ভিত্তিত বৰপেটা চহৰৰ মেটুৱাকুছি জনিয়া পথৰ ভঙা লোহা ৰখা ডেম্পৰ মালিক বৰপেটা জিলাৰ বাঘবৰ থানাৰ অন্তৰ্গত বামুন দংৰাৰ আব্দুল ৰহিমৰ পুত্ৰ ছাদ্দাম হুছেইন (২৬) ক আটক কৰাৰ লগতে চুৰি বেটাৰী সৰবৰাহ কাৰ্যত জড়িত বৰপেটা আৰক্ষী থানাৰ অন্তৰ্গত ঠেকা কলনিৰ ৰাখাল মন্ডলৰ পুত্ৰ ৰিক্সা চালক প্ৰদীপ মন্ডল (২৬) ক আৰক্ষীয়ে আটক কৰে ৷ আৰক্ষীয়ে অভিযান চলাই ডেম্পৰ পৰা ৫ টা গাড়ীৰ বেটাৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ ইপিনে পৰিবহন বিভাগে জব্দ কৰা গাড়ীৰ পৰা বেটাৰী চুৰ কৰা সন্দৰ্ভত বৰপেটা জিলাৰ ভাৰপ্ৰাপ্ত পৰিবহন বিষয়াই বৰপেটা সদৰ আৰক্ষী থানাত দিয়া এজাহাৰৰ ভিত্তিত ১২৬৪/ ২০২০ নম্বৰৰ এটি গোচৰ ৰুজু কৰি জেৰা অব্যাহত ৰাখিছে ৷ আৰক্ষীৰ জেৰাত বহু কেইটা চুৰি কাৰ্যত জড়িত ৰাতুল দাসে বহু দিন ধৰি বেটাৰী চুৰ কৰি নি প্ৰদীপ মন্ডলৰ ৰিক্সাৰে ছাদ্দাম হুছেইনৰ তাত ৫০০ টকাকৈ বিক্ৰী কৰা বুলি স্বীকাৰ কৰে ৷ডেম্পত উদ্ধাৰ হোৱা বেটাৰী কেইটাও ৰাতুল দাসৰ পৰা ছাদ্দামে কিনি ৰাখিছিল বুলিও জেৰাত স্বীকাৰ কৰে ৷

Tags
অসমীয়া বাতৰি