মানকাচৰত MGNREGA আঁচনিৰ বান্ধ নিৰ্মাণৰ কামত ব্যাপক অনিয়ম,




দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ মানকাচৰ উন্নয়ন খণ্ডৰ অধীনস্থ কাকৰীপাৰা গাওঁ পঞ্চায়তৰ  বৰোঝৰা এলপি স্কুলৰ পৰা সহিদ জামালৰ পুখুৰীৰ পাৰ লৈ সংযোগী ৭০০ মিটাৰ  কৃষি বান্ধ নিৰ্মাণ কামত আঞ্চলিক সভানেত্ৰী আছমা আবেদিনে ব্যাপক অনিয়ম কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷

 চলিত বৰ্ষত MGNREGA আঁচনিৰ ২৩ লাখ টকা ব্যয়সাপেক্ষ নিৰ্মাণ কৰা বান্ধটোৰ অৱস্থা এয়া ৷ ৰাস্তা নহয় যেন শালি ধান ৰুবলৈ পথাৰ হে ৷


মানকাচৰ উন্নয়ন খণ্ডৰ অধীনস্থ কাকৰী পাৰা গাওঁ পঞ্চায়তৰ ১০ নং ৱাডৰ এখন অতি কৈ গুৰুত্বপূৰ্ণ পথটোৰ এনে দুৰঅৱস্থাৰ বাবে এতিয়া যাতায়তৰ নামত চৰম দুৰ্ভগ ভূগিব লগীয়া হৈছে পদচাৰীয়েই ৷


  উক্ত পথ তথা বান্ধ নিৰ্মাণ কাৰ্যত অবাধ দুৰ্নীতি, অনিয়ম আৰু লুন্ঠনৰ বিৰুদ্ধে এতিয়া স্থানীয় ৰাইজে জাঙুৰ খাই উঠিছে।  কাকৰীপাৰা আঞ্চলিক পঞ্চায়ত সদস্যা তথা আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী আছমা আবেদিনৰ বিৰুদ্ধে পথ এটাৰ নিৰ্মাণৰ নামত চৰকাৰে  আবন্টিন দিয়া ২৩ লাখ টকাৰ ভিতৰত প্ৰায় বেছি ভাগ টকা  আত্মসাৎ কৰাৰ অভিযোগ উত্থাপিত হৈছে।


স্থানীয় ৰাইজে উক্ত কৃষি বান্ধ তথা পথ ছোৱাত সংঘটিত হোৱা সীমাহীন দুৰ্নীতি অনিয়ম লুন্ঠনৰ উচিত তদন্ত কৰিবলৈ মানকাচৰৰ নৱ নিযুক্ত বিডিঅ আৰু  দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ জিলা উপায়ুক্তৰ ওচৰত  দাবী জনাইছে ।


মানকাচৰৰ পৰা সাজ্জাদ হুচেইনৰ ৰিপোৰ্ট।

Post a Comment

Previous Post Next Post