গোৱালপাৰাত চিকিৎসকৰ গাফলাতিত প্ৰাণ গ'ল এজনৰ, চিকিৎসক তথা চিকিৎসা কৰ্মীয়ে সময়তে চিকিৎসা প্ৰদান নকৰাৰ অভিযোগ
জানিব পৰা মতে গোৱালপাৰা জিলাৰ মৰনৈ আৰক্ষী থানাৰ অন্তৰ্গত ৰাক্ষসনী দ্বিতীয় খণ্ডৰ শিৱচৰণ ৰাভাৰ পুত্ৰ নিখিল ৰাভা (৩০) য়ে যোৱা কালি বিয়লি মৈজঙা চাহবাগানত এক মটৰ দূৰ্ঘটনাত পতিত হয় ।
স্থানীয় ৰাইজৰ সহযোগত এখন এম্বুলেন্চত ততাতৈয়াকৈ গোৱালপাৰা অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসালয় খনৰ জৰুৰী কালীন বিভাগৰ সন্মুখত প্ৰায় ১৫/২০ মিনিট মান সময় ধৰি বিনা চিকিৎসাই পৰি ৰয় এম্বুলেন্চ খনৰ ভিতৰতে ।
কৰ্তব্যৰত চিকিৎসক তথা চিকিৎসা কৰ্মী সকলৰ পৰা কোনো সহাঁৰি নোপোৱাৰ ফলত যুৱক জনে মৃত্যুক আকোঁৱালি লয় বুলি অভিযোগ উত্থাপন কৰে পৰিয়ালৰ লোকে ।
সময়মতে চিকিৎসা প্ৰদান কৰা হ'লে আজি মোৰ ভাতৃ জীৱীত থাকিল হেতেঁন বুলি সোজোঁৰে দাবী উত্থাপন কৰিছে মৃত ৰাভাৰ জেষ্ঠভাতৃ চন্দন ৰাভাই ।।
আনপিনে চিকিৎসালয় খনৰ কৰ্মী সকলক জগৰীয়া কৰি অনুৰূপ ভাষ্য প্ৰদান কৰে এম্বুলেন্চ চালক জনে ।

Tags
অসমীয়া বাতৰি