বঙাইগাঁওৰ ৩ নং নাছোনগুৰীৰ ক্ষুদ্ৰ স্বাস্থ্য কেন্দ্ৰত বছৰৰ পিছত বছৰ ধৰি
ওলোমিছে তলা
২০১৫ চনতেই নিৰ্মান সম্পূৰ্ণ হোৱা স্বাস্থ্য কেন্দ্ৰটো নহ'ল আজিও মুকলি
যিটো সময়ত ৰাজ্যৰ স্বাস্থ্য কেন্দ্ৰ সমূহৰ তড়িৎ উন্নয়নৰ কথা স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে বিভিন্ন সভা সমিতিয়ে বৰ্ণনা কৰি আহিছে তেনে সময়তে বঙাইগাঁও জিলাৰ অভয়াপুৰীত দেখা গৈছে উন্নয়নৰ বিপৰীত দৃশ্য। জিলাখনৰ ৩ নং নাছোনগুৰীৰ ক্ষুদ্ৰ স্বাস্থ্য কেন্দ্ৰত বছৰৰ পিছত বছৰ ধৰি ওলোমিছে তলা। ২০১৫ চনতেই নিৰ্মান সম্পূৰ্ণ হোৱা স্বাস্থ্য কেন্দ্ৰটো নহ'ল আজিও মুকলি। জিলাখনৰ বানাক্ৰান্ত লোকসকলৰ সুবিধাৰ্থে নিৰ্মান কৰা স্বাস্থ্য কেন্দ্ৰটো বিগত ৫ বছৰে মুকলি নকৰাৰ ফলত উক্ত অঞ্চলৰ লোকসকলে প্ৰায় ২-৩ কিলোমিটাৰ বাটকুৰি বাব লগা পৰিস্থিতিৰ উদ্ভৱ হৈছে। আনহাতে, শিশু তথা গৰ্ভৱতী মহিলাৰ চিকিৎসাৰ ক্ষেত্ৰটো সন্মুখীন হৈ আহিছে সমস্যাৰ। পিছে এইবোৰ বিষয়ক লৈ নাই স্বাস্থ্য বিভাগৰ কোনো ভ্ৰুক্ষেপ। এফালে ক'ৰোনা ভাইৰাছৰ সংক্ৰমনে ৰাজ্যবাসীক আতংকগ্ৰস্ত কৰি ৰখাৰ সমান্তৰালভাৱে ৰাজ্যৰ একাংশ স্বাস্থ্যকেন্দ্ৰও ৰূপান্তৰিত কৰা হৈছে ক'ভিদ হস্পিতাললৈ। পিছে ৰাজ্যৰ একেটা স্বাস্থ্য বিভাগৰে আন একাংশ স্বাস্থ্যকেন্দ্ৰত আজিও ওলোমিছে তলা। অব্যৱহৃত হৈ থকাৰ ফলত এতিয়া অস্বাস্থ্যকৰ হৈ পৰিছে স্বাস্থ্যকেন্দ্ৰটোৰ কেউদিশ। ক্ৰমান্বয়ে জহি খহি যাবলৈ ধৰিছে সকলো মুল্যবান সা-সামগ্ৰী তথা গৃহৰ দেৱাল। পৰিতাপৰ বিষয়, এইবোৰ ক্ষেত্ৰত নুণ্যতম দৃষ্টিগোচৰ কৰিবলৈও পিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নাই সময় । ৰাইজৰ দাবী অতি শীঘ্ৰে স্বাস্থ্য কেন্দ্ৰটো মুকলি কৰিব লাগে ৰাজ্য চৰকাৰে ।

Tags
অসমীয়া বাতৰি