কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ দাবী
কলিয়াবৰৰ বিভিন্ন অঞ্চলৰ উচ্চতৰ মাধ্যমিক আৰু উচ্চ মাধ্যমিক বিদ্যালয়সমূহত বহু বছৰ বছৰ ধৰি প্ৰায়বোৰ বিষয় শিক্ষক আৰু সহকাৰী শিক্ষকৰ নিযুক্তিৰ অভাৱত ছাত্ৰ-ছাত্ৰী সকলে শিক্ষাগ্ৰহণৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হৈ আহিছে । কলিয়াবৰৰ বহু কেইখন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিভিন্ন বিভাগৰ বিষয় শিক্ষকৰ অভাৱত পাঠদান কাৰ্য্যসূচী বন্ধ হৈ যোৱাৰ উপক্ৰম হৈছে । ছাত্ৰ-ছাত্ৰীসকলে প্ৰয়োজনীয় শিক্ষা যাতে গ্ৰহণ কৰিব পাৰে সেই ক্ষেত্ৰত অসম চৰকাৰ আৰু অসমৰ শিক্ষা বিভাগক কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাই দাবী জনাই । অতি সোনকালে বিষয় শিক্ষক সমূহ নিযুক্তি দিয়াৰ লগতে বহুতো বিদ্যালয়ত যি চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ পদ খালী হৈ আছে সেইসকলকো অতি সোনকালে নিযুক্তি দি ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যৎ সুৰক্ষা কৰিবলৈ দাবী জনাই।

Tags
অসমীয়া বাতৰি