গোৱালপাৰাত বিশ্ব ৰক্তদান দিৱস পালন: ২০০খন বিছনা যুক্ত অসামৰিক চিকিৎসালয়ত জিলা আমছুৰ ৰক্তদান
গোৱালপাৰা ১৪ জুন : বিশ্ব ৰক্তদান দিৱসৰ লগত সংগতি ৰাখি গোৱাল পাৰা ২০০ খন বিছনাযুক্ত অসামৰিক চিকিৎসালয়ত আজি এক ৰক্তদান শিবিৰৰ আয়োজন কৰা হয় । অইন অইন বছৰত চিকিৎসালয়ৰ চিকিৎসক, নাৰ্চ- কৰ্মী সকলৰ সৈতে শতাধিক ৰাইজৰ সহযোগত হাতে হাতে প্লেকাৰ্ড আদিলৈ হস্পিতাল চৌহদৰ পৰা শান্তি সমদল উলিয়ায় যদিও এইবাৰ কোভিড ১৯ বাবে সেয়া নকৰি অকল ৰক্তদান কাৰ্যসূচী গ্ৰহণ কৰে। ইচ্ছাকৃত ৰক্তদান সম্পৰ্কে হস্পিতালৰ সমূহীয়া ভৱনত এক সজাগতা সভা অনুষ্ঠিত হয় ।হস্পিতালৰ ছুপাৰইনটেনডেন্ট শ্যামলেন্দু দাসৰ সভাপতিত্বত অনুষ্ঠিত সভা খনত জিলা যুটীয়া স্বাস্থ্য বিষয়া অভিজিত বসুৰ লগতে তেজ বিভাগৰ চিকিৎসক ডঃ মিৰ্জা হানিফ উল্লা উপস্থিত থাকি বিশ্ব ৰক্তদান দিবসৰ বিষয়ে বক্তৃতা প্ৰদান কৰে। ১১ বজাত ৰক্তদান শিবিৰ মুকলি কৰি স্বেচ্ছা তেজ দান দিয়া সকলৰ পৰা ১ ইউনিটকৈ তেজ সংগ্ৰহ কৰি চিকিৎসালয়ৰ তেজ বেংকত জমা ৰাখে বুলি তেজ বেংকৰ ভাৰপ্ৰাপ্ত বিষয়া জনে জানিবলৈ দিয়ে। আজিৰ এই ৰক্তদান দিৱসত গোৱালপাৰা জিলা আমছুৱে অংশ লৈ জিলা আমছুৰ সভাপতি আনিমুল হক চৌধুৰী, সম্পাদক আনিচুৰ হক চৌধুৰী,প্ৰচাৰ সম্পাদক আশ্রাফ আলী, ৰাজিবুল ইছলামকে আদি কৰি জিলা আমছুৰ হাত জনকৈ লোকে ৰক্তদান কৰে।ৰক্তদান কৰি জিলা আমছুৰ সভাপতি গৰাকীয়ে কয় পৰবৰ্তী সময়ত ৰক্তদান কৰাত কোনো ভয় বা শংকা থাকিব নালাগে।এই ৰক্তৰ দ্বাৰা যেতিয়া এজন ৰোগী সুস্থ হৈ উঠিব তেতিয়া মনত এটা অতুলনীয় সন্তুষ্টি লাভ হব।সেয়ে সকলোকে ৰক্তদান কৰিবলৈ আহ্বান জনায় যাতে ভৱিষ্যতে চিকিৎসালয় সমূহত যাতে ৰক্তৰ অভাৱ নহয়।আজিৰ এই ৰক্ত দান দিৱসত অংশ লৈ জিলা পুপুলাৰ ফণ্ড অফ ইণ্ডিয়াৰো তিনিজনকৈ লোকে ৰক্তদান কৰে।এই সম্পৰ্কে ৰাইজৰ মাজত সজাগতা বৃদ্ধি কৰি চিকিৎসালয়ৰ তেজ বেংকত প্ৰয়োজনীয় তেজ যোগান ধৰি জৰুৰী কালীন তেজৰ অভাৱ পূৰণ কৰা হব বুলি তেজ বিভাগৰ বিষয়া ডঃ হানিফ উল্লাহই জানিবলৈ দিয়ে।

Tags
অসমীয়া বাতৰি