টীয়কৰ জগদুৱাৰ গায়ন গাঁৱত যুৱতীৰ মৃতদেহ উদ্ধাৰ
TEOK:যোৰহাট জিলাৰ টীয়ক গায়ন গাঁৱত ঋতু বৰা নামৰ যুৱতীগৰাকীৰ মৃতদেহ ঘৰৰ সমীপৰ এটা পুখুৰীত উদ্ধাৰ হৈছে। প্ৰাপ্ত তথ্য মতে বুবুল বৰা নামৰ ব্যক্তিজনৰ ভগ্নী ঋতু বৰা যোৱা নিশাৰ পৰা নিৰুদ্দেশ হৈ আছিল আৰু পৰিয়ালৰ লোকে কোনো সম্ভেদ নাপাই টীয়ক আৰক্ষীৰ ওচৰ চাপিছিল। কিন্তু পৰৱৰ্তী সময়ত ওচৰ চুবুৰীয়াই বিচাৰ খুচুৰা কৰি ঘৰৰ কাষৰ এটা পুখুৰীত ওপঙি থকাৰ অৱস্থাত যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰে। স্থানীয় ৰাইজৰ অভিযোগ মতে যুৱতীগৰাকীয়ে অত্যাধিক মানসিক চাপত পৰি আত্মহত্যাৰ পথ বাছি ল'ব লগা হ'ল। উল্লেখযোগ্য যে যুৱতীগৰাকীক সৰু সৰু কথাতে পৰিয়ালৰ লোকে শাৰীৰিক অত্যাচাৰ কৰাৰ লগতে বহু দিন অনাহাৰে থকাৰ কথাও চুবুৰীয়াই জানিবলৈ দিছে। পৰৱৰ্তী সময়ত টীয়ক আৰক্ষী সহযোগত যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছে।

Tags
অসমীয়া বাতৰি