নব্বৈউৰ্ধৰ ককাই গাইছে মহাপুৰুষ দুজনাৰ অমৰ সৃষ্টি বৰগীত মুখতে বজাইছে গুৰুঘাত, দুশ বছৰীয়া সাঁচিপাতৰ পুথি দান কৰিলে শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ সংগ্ৰাহালয়লৈ
TEOK: এজন নব্বৈউৰ্ধৰ বৃদ্ধ,নাম শিৱ শৰ্মা,ঘৰ যোৰহাট জিলাৰ ভগামুখ পঞ্চায়তৰ বহতিয়ামুখত। জীৱনৰ নব্বৈটা বসন্তই ৰাইজৰ লগত জড়িত হৈ পৰিছিল এজন সাঁচিপতিয়া পুথি পঢ়ুৱৈ হিচাপে। আচৰিতভাবে ককাই সমান্তৰালকৈ বজাইছিল পাঁচটাকৈ খোল আৰু এনেকৈয়ে ককাই কৰি গৈছিল শংকৰী সংস্কৃতিৰ সাধনা, সংস্কৃতিৰ বিৰল চৰ্চা। কিন্তু সেই শংকৰী সাংস্কৃতিৰ সাধক শিৱ ককা আজি ভাগৰুৱা, অকলশৰীয়া আৰু নিঃসহায়। ককাৰ আজি নাই বাসপযোগী এটি গৃহ, নাই আপোন কোনো, আছে মাথো হতাশা আৰু নিৰ্জনতা। হয় ,শিৱ ককাৰ নামত আহিছিল এটি চৰকাৰী বাসগৃহ কিন্তু চৰকাৰী মেৰপাকত সোমাই ফাইলৰ মাজতে আবদ্ধ থাকিল ককাৰ নাম, ককাৰ পকী ঘৰৰ সপোন।বৰষুণ দিলে ঘৰৰ ভিতৰত পৰে পানী।কিন্তু আজিও ককাই আজু ককাৰ দিনৰ সাঁচিপতিয়া পুথি সমূহকে বুকুত বান্ধি নিঃস্বাৰ্থ ভাবে বিলাই গৈছে শংকৰী সংস্কৃতিৰ মূল মন্ত্ৰসমূহ।উল্লেখযোগ্য এই যে ষাঠি দশকৰ সময়ছোৱাত ককাই নিজা তত্বাৱধানতে সমগ্ৰ অঞ্চলতে ভাওঁনা সংস্কৃতিক দাঁতিকাষৰীয়া অঞ্চললৈ বিয়পাই দিয়াত আগভাগ লৈছিল। কিন্তু অতি পৰিতাপৰ কথা ককাৰ সেই বিলুপ্তিপ্রায় সাঁচিপাতৰ পুথিসমূহ, চাৱনিবিহীন খোলৰ খোলাসমূহ আজি সংৰক্ষণৰ অভাৱত উৰুখা পজাৰ ভিতৰতে জহিখহি গৈছে, যি দৃশ্য আছিল অতি মৰ্মান্তিক। জহি যোৱা এখন দুশ বছৰীয়া সাঁচিপাতৰ পুথি আজি ককায়ে স্থানীয় সংবাদকৰ্মী "সাৰংগপানী শইকীয়া " "উৎপল খাউণ্ড" আৰু মাধূৰ্য্য বৰাৰ যোগেদি টীয়কৰ কলিয়াপানীস্থিত শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ সংগ্ৰাহালয়ৰ বাবে আগবঢ়াই আৰু এতিয়াহে তেওঁৰ মনটো উৎফুল্লিত হৈছে বুলি প্ৰকাশ কৰিছে।

Tags
অসমীয়া বাতৰি