বঙাইগাওঁৰ হৰিৰচৰত মৰেল পুলিছৰ ৰূপত শিক্ষক, মানসিক বিকাৰগ্ৰস্ত যুবকক তালিবানী শাস্তি, আৰক্ষীৰ পক্ষপাতিত্বৰ অভিযোগ ভুক্তভোগীৰ

বঙাইগাওঁৰ হৰিৰচৰত মৰেল পুলিছৰ ৰূপত শিক্ষক, মানসিক বিকাৰগ্ৰস্ত যুবকক তালিবানী শাস্তি, আৰক্ষীৰ পক্ষপাতিত্বৰ অভিযোগ ভুক্তভোগীৰ


বঙাইগাঁও জিলাৰ মেৰেৰচৰ আৰক্ষী থানাৰ অন্তৰ্গত হৰিৰচৰত এইবাৰ মৰেল পুলিছৰ ৰূপত এজন শিক্ষক। হৰিৰচৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক কুৰবান আলীৰ লগতে তিনি ভাই ককাই ক্ৰমে সুলভ মূল্যৰ দোকানী ছুৰমান আলী, লোকমান হুছেইন, আৰু ওছমান গনিয়ে একে গাঁৱৰে আব্দুল হালিম নামৰ এজন, মানসিক বিকাৰগ্ৰস্ত যুবকৰ ওপৰত চলায় তালিবানী শাস্তি। যোৱা নিশা ৮মান বজাত যুবক জন ৰাস্তাৰে গৈ থাকোতে শিক্ষক কুৰবান আলী আৰু ভাই ককায়ে আগুৰি ধৰি হাত ভৰি বান্ধি লাঠিৰে কোবাই কোবাই তালিবানী শাস্তি প্ৰদান কৰাৰ এক ভিডিঅ ফুটেজ ইতিমধ্যে ভাইৰেল হৈ পৰিছে। পুৰ্বৰ পৰিয়াল কেন্দ্ৰিক কাজিয়াৰ বাবে শিক্ষক কুৰবান আলীয়ে আব্দুল হালিমক হত্যা কৰাৰ চেষ্টা কৰিছিল বুলি ভুক্তভোগী পৰিয়ালে আৰক্ষীক এজাহাৰ দাখিল কৰিছে। কিন্তু মেৰেৰচৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মোবাৰক আলীয়ে মানসিক বিকাৰগ্ৰস্ত ভুক্তভোগী আব্দুল হালিমকে জেল হাজতলৈ প্ৰেৰণ কৰাত আৰক্ষী বিষয়া জনে পক্ষপাতিত্ব ভুমিকা গ্ৰহণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী পৰিয়ালে। ঘটনা সংক্ৰান্তে উচিত তদন্ত মূলে বিহীত ব্যৱস্থা গ্ৰহণ কৰিবলৈ কৰিবলৈ বঙাইগাঁও আৰক্ষী অধীক্ষকৰ লগতে বিভাগীয় কৰ্তৃপক্ষক ৰাইজে দাবী জনাইছে।


Post a Comment

Previous Post Next Post