পুনৰ বিতৰ্কৰে সমালোচনাৰ সন্মুখীন হল বিধায়ক আমিনুল ইছলাম
মৈৰাবাৰী-মৰিগাও গড়কাপ্তানী পথৰ দুৰাৱস্হাক লৈ বিধায়ক আমিনুল ইছলামৰ বিৰুদ্ধে সৰৱ দল সংগঠন৷ ফেচবুক বিধায়ক তথা টক শ্ব' বিধায়ক হিচাপে জনাজাত আমিনুল ইছলামৰ সমষ্টিৰ উন্নয়ণৰ নমুনা দেখিলে আপুনাৰো চকু কপালত উঠিব ৷
পুনৰ বিতৰ্কৰে সমালোচনাৰ সন্মুখীন হল বিধায়ক আমিনুল ইছলাম৷ সমষ্ঠিৰ উন্নয়নৰ কথা পাহৰি সদায় বিতৰ্কৰ মাজেৰে সোমাই পৰা বিধায়ক আমিনুল ইছলামৰ সস্তীয়া ৰাজনীতিত ব্যস্ত থকা বুলি এক গুৰুতৰ অভিযোগৰ কথা এইবাৰ উদঙাইছে ধিং সমষ্টিবাসীয়ে৷ 2019 চনৰ ফেব্ৰুৱাৰী মাহত বিধায়কজনে ধিং সমস্টিৰ মৈৰাবাৰী মৰিগাও গড়কাপ্তানীৰ পথৰ S.O.P.Dৰ অধীনত পথ মেৰামতিৰ বাবে কৰা আধাৰশিলা আজিও ধোৱাচাঙত পৰিণত ৷ কৰ'ণাক লৈ বিতৰ্কিত মন্তব্যৰ বাবে ৰঙা ঘৰৰ আলহী হোৱা বিধায়কজনে জেলৰ পৰা ওলোৱাৰ পাছত পুনৰ সস্তীয়া ৰাজনীতিৰ আশ্ৰয়ৰে ৰাইজৰ মাজত চমক সৃস্টি কৰিবলৈ বিধায়কজনে মৈৰাবাৰীৰ কেইবাটাও স্হানত মিছা সপোন দেখুৱা বুলি আধাৰশিলাৰে ৰাজনীতি কৰাত ক্ষুব্ধ হৈ পৰে অঞ্চলখনৰ সচেতন মহলৰ লগতে দল সংগঠনে৷ যিহেতু পূৰ্বৰ আধাৰশিলা সমূহৰ একো ফল নধৰাত সম্প্ৰতিএতিয়া সমষ্টিবাসী অতিষ্ট হোৱাৰ লগতে বিভিন্নজনে ধিক্কাৰ জনাইছে বিধায়কজনক৷ আম আদমী পাৰ্টিৰ অভিযোগ অনুসৰি বিধায়ক আমিনুল ইছলামে ফেচবুকত আপলোড দি ৰাইজৰ মাজত চমক সৃষ্টি কৰিবলৈহে জধে মধে আধাৰশিলা স্হাপন কৰে৷ দিন যোৱাৰ লগে লগে ন ন বাহানাৰে সেই আধাৰশিলাসমূহ কচুপাতৰ পানীৰ শাৰীত পেলাবলৈ কুন্ঠাবোধ নকৰে বুলিও ৰাইজে অভিযোগ তুলিছে৷ বিধায়কজন অধিক সময় ফেচবুকত ব্যস্ত থকাৰ বাবেই সাধাৰণ ৰাইজ সন্মুখীন হোৱা সমস্যা তথা অভাৱ অভিযোগ সমূহৰ প্ৰতি গুৰুত্ব দিয়া নাই৷ সম্প্ৰতি সাধাৰণ বৰষুণতেই মৈৰাবাৰী বজাৰলৈ অহা যোৱা কৰা যাত্ৰী সকলৰ বাবে মৰণফান্দ ৰুপে পৰিগণিত হৈছে মৈৰাবাৰী মৰিগাও গড়কাপ্তানী পথখন৷ আনহাতে এই পথেদি জগতগুৰু শংকৰদেৱৰ পৱিত্ৰ জন্মস্হান আলিপুখুৰী পাতেকীবৰী সত্ৰলৈ যোৱা একমাত্ৰ মূল পথ৷ তদুপৰি স্কুল কলেজৰ ছাত্ৰ ছাত্ৰীৰো যাতায়তৰ একমাত্ৰ মূল ৰাস্তা হিচাপে পৰিগণিত৷ বাৰংবাৰ সংবাদমাধ্যমত বাতৰি সম্প্ৰচাৰ হোৱাৰ পাছতো বিধায়কজন আজিও কুম্ভকৰ্ণ নিদ্ৰাত মগ্ন থকাত সকলোৱে এতিয়া একেমুখে ধিক্কাৰ দি থকা পৰিলক্ষিত হৈছে৷
আমাৰ প্ৰতিবেদন চোৱাৰ পাছত বিধায়কজনে কিদৰে তৎপৰতা দেখুৱায় সেয়া হব লক্ষণীয়৷

Tags
অসমীয়া বাতৰি