দৰিদ্ৰতাকো নেওচি সুখ্যাতিৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা টীয়কৰ ঋতুপৰ্ণ শইকীয়াৰ পঢ়াৰ সম্পূৰ্ণ দায়িত্ব গ্ৰহণ কৰিব টীয়ক প্ৰেছ ক্লাৱে
TEOK:দৰিদ্ৰতা আৰু অভাৱ যে মানুহৰ সোণালী দিনৰ বাটত অন্তৰাই নহয় সেই কথা আজি সত্য প্ৰমানিত হয় টীয়কত৷ যোৱা কলি ঘোষিত হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষা এক বিশেষ ফলাফলে অনন্দ কঢ়িয়াইছে টীয়কলৈ । টীয়কৰ কাৱৈমাৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা অতি অভাবি পৰিয়ালৰ ছাত্ৰ ঋতুপৰ্ণ শইকীয়াই ৫৪৩ নম্বৰৰেৰে সকলো বিষয়ত লেটাৰ মাৰ্কসহ প্রথম বিভাগত উত্তীৰ্ণ হৈ পৰিয়ালটোৰ লগতে সমগ্ৰ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। পিতৃ পেছাত এজন কাঠমিস্ত্ৰী ঋতুপৰ্ণৰ অভাৱ পূৰোৱাত অসমৰ্থ পৰিয়ালটোৰ মাতৃৰ ড্ৰেছিং টেবুলখনকে পঢ়াৰ টেবুল হিচাপে লৈ টীয়কৰ এই ছাত্ৰজনে নানা ঘাট প্ৰতিঘাটৰ মাজেৰে উত্তীৰ্ণ হৈ আবেগিক হৈ কয় যে আজৰি সময়ত ছবি আঁকি সময় পাৰ কৰাৰ লগতে ঘৰৰ কামটো মাক দেউতাকক সহায় কৰে। যি সময়ত ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে ৰাজ্য শিক্ষাখণ্ডত গুৰুত্বপূৰ্ণ ভূমিকা আগবঢ়াই আহিছে সেই সময়ত গ্ৰাম্যাঞ্চলৰ এখন বিদ্যালয়ৰ এনে ফলাফলে সমগ্ৰ অঞ্চলটোত আশাৰ সৃষ্টি কৰিছে। তাৰোপৰি ছাত্ৰজনৰ সম্পূৰ্ণ পঢ়াৰ দায়িত্ব টীয়ক প্ৰেছ ক্লাৱৰ তৰফৰ পৰা গ্ৰহন কৰিব বুলি আজি ছাত্ৰ জনৰ ঘৰত উপস্থিত হৈ টীয়ক প্ৰেছ ক্লাৱৰ বিষয়ববীয়াই জানিবলৈ দিছে। অতি দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰজনে বাণিজ্য শাখাত নামভৰ্তি কৰিব বুলি জানিবলৈ দিছে।

Tags
অসমীয়া বাতৰি