দেৱাশীষ হত্যা কাণ্ডৰ তদন্তৰ সন্দৰ্ভত টীয়কৰ প্ৰয়াত ডা: দেবেন দত্তৰ পত্নীৰ তাৎপৰ্যপূৰ্ণ প্ৰতিক্ৰিয়া

দেৱাশীষ হত্যা কাণ্ডৰ তদন্তৰ সন্দৰ্ভত টীয়কৰ প্ৰয়াত ডা: দেবেন দত্তৰ পত্নীৰ তাৎপৰ্যপূৰ্ণ প্ৰতিক্ৰিয়া

 TEOK : মানব ইতিহাসক কলংকিত কৰি মৰিয়নিৰ গাভৰুত নৰসংহাৰৰ বলি হৈ প্ৰাণ যোৱা
" দেৱাশীষ গগৈ"ৰ  হত্যাৰ উচ্চিত তদন্ত আৰু হত্যাকাৰীক দৃষ্টান্তমূল শাস্তিৰ  সৰ্বত্ৰে দাৱী তুলি থকাৰ মাজতে আজি পৰা থিক ৯ মাহৰ আগতে অনুৰুপ ধৰনে টীয়ক চাহ বাগিছাত  নৰসংহাৰৰ বলি হৈ প্ৰাণযোৱা  প্ৰয়াত ডা° দেৱেন দত্তৰ পত্নীয়ে আজি প্ৰকাশ কৰিছে কিছু তাৎপৰ্যপূৰ্ণ প্ৰতিক্ৰিয়া । যোৰহাটৰ লোকসভা সমষ্টিৰ সাংসদ তপন গগৈয়ে মুখ্যমন্ত্ৰীৰ নিৰ্দেশমৰ্মে দেৱাশীষৰ পৰিয়ালক ঘটনাৰ বিচাৰ যি ফাষ্টট্ৰেক আদালতত হ'ব বুলি ঘোষণা কৰিছে সেয়া কোনো কাৰণতে নহয় বুলি দাবী কৰিছে আৰু চৰকাৰক দোষীক শাস্তি প্ৰদানৰ ক্ষেত্ৰত শিথিলতা নকৰি হত্যাকাৰীৰ চৰম শাস্তি মৃত্যুদণ্ড দিবলৈ আহ্বান জনাইছে প্ৰয়াত ডা: দত্তৰ পত্নী অপৰাজিতা দত্তই।


Post a Comment

Previous Post Next Post