মধ্য অসমৰ তিৱা স্বায়ত্ত্ব পৰিষদৰ উৎসাপিত দুৰ্নীতিৰ বাতৰিৰ বিৰুদ্ধে সংবাদ মেল মুখ্যকাৰ্যবাহী সদস্য পৱন মান্তাৰ

মধ্য অসমৰ  তিৱা স্বায়ত্ত্ব পৰিষদৰ উৎসাপিত দুৰ্নীতিৰ বাতৰিৰ বিৰুদ্ধে সংবাদ মেল মুখ্যকাৰ্যবাহী সদস্য পৱন মান্তাৰ

গুৱাহাটী উচ্চ ন্যায়ালয়ে দিছে তিৱা স্বায়ত্ত্বশাসিত পৰিষদৰ দুৰ্নীতিৰ তদন্তৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ,ইয়াৰ মাজতে বিভিন্ন দল সংগঠনে দাবি তুলিছে চলিত কাৰ্য্যকালত আৱন্তিত ৩৬ কোটি টকা সঠিক ব্যৱহাৰ নকৰাৰ অভিযোগত পৰিষদৰ CEM পৱন মান্তাৰ গ্ৰেপ্তাৰ ৷

লগতে ন্যায়ালয়ৰ এই নিৰ্দেশৰ পিছতেই বিজেপিৰ দখলত থকা পবন মান্তা নেতৃত্বাধীন পৰিষদত সৃষ্টি হৈছে তীব্ৰ শোভ ৷

আনহাতে আজি এক সংবাদ মেল যোগে নিৰ্মাণ সমিতি গঠনৰ জৰিয়তেহে পৰিষদলৈ আবন্টিন ধন খৰচ কৰা হয় বুলি দাবি জনাই মুখ্য কাৰ্যবাহী সদস্য পৱন মান্তাই ৷
 ইপিনে ন্যায়ালয়ৰ তদন্তৰ নিৰ্দেশক মুখ্য কাৰ্যবাহী সদস্য পবন মান্তাই আদৰণি জনোৱা বুলিও সংবাদমেল জৰিয়তে আজি পুনৰ ঘোষণা কৰাৰ লগতে সমগ্ৰ দুৰ্নীতিত বৰ্তমান মৰিগাঁও সমষ্টিৰ বিজেপি বিধায়ক তথা তদানীন্তন মুখ্য কাৰ্যবাহী ৰমাকান্ত দেউৰীহে জড়িত থকাৰ গুৰুতৰ অভিযোগ তুলি ৩০ টাৰো অধিক গোচৰ এই সন্দৰ্ভত ন্যায়ালয়ৰ বিচাৰাধীন হোৱাৰ কথা অৱগত কৰে ৷ লগতে নিৰ্মাণ সমিতি গঠনৰ সিদ্ধান্ত ৰমাকান্ত দেউৰীৰহে আছিল বুলি উল্লেখ কৰি ২০১০ চনৰ পৰাই পৰিষদৰ সকলো কামকাজৰ তদন্তৰ আহ্বান জনায় ৷ দেউৰীৰ অভিষ্ট সিদ্ধি নোহোৱাৰ বাবেই এইদৰে পৰিকল্পিতভাবে পৰিষদৰ উন্নয়ন স্থবিৰ কৰাৰ লগতে তিৱা কিংবদন্তী জোঙাল বলহুৰ প্ৰতিমুৰ্তি নিৰ্মানৰ নামতো ৬৬ লাখ টকা আত্মসাৎ কৰাৰো অভিযোগ তুলিলে মুখ্য কাৰ্যবাহী মান্তাই ৷

Post a Comment

Previous Post Next Post