বঙাইগাওঁ জিলা প্ৰশাসনৰ অদ্ভূত কৰ্মকাণ্ড

বঙাইগাওঁ জিলা প্ৰশাসনৰ অদ্ভূত কৰ্মকাণ্ড।



 ক'ভিদ নিগেটিভ ওলোৱাৰ পিছতো ২১ দিনে কোৱাৰেন্টাইন কেন্দ্ৰত অকলশৰে আৱদ্ধ কৰি ৰাখিছে এগৰাকী ছাত্ৰক। খাদ্য যোগানটো দুৰৈৰ কথা কেন্দ্ৰটোত উপস্থিত নহ'ল এজনো স্বাস্থ্য কৰ্মী । মানসিকভাৱে ভাৰাক্ৰান্ত ছাত্ৰগৰাকীৰ ভাইৰেল হৈ পৰা এটা ভিদিঅ' বাৰ্তাই উদঙাইছে আচলতে কোৱাৰেন্টাইনৰ নামত প্ৰশাসন আৰু স্বাস্থ্য বিভাগে কৰিছে কি ? উল্লেখ্য যে, ১৩ মে'ত নিজা খৰছত তেলেংগানাৰ পৰা ঘৰলৈ উভতা আছিফ ইকবাল আহমেদ নামৰ এইগৰাকী চিকিৎসা বিভাগৰ ছাত্ৰই কোকৰাঝাৰত উপস্থিত হয়। কোকৰাঝাৰত উপস্থিত হোৱাৰ পিছত ছাত্ৰ গৰাকীৰ SWAB সংগ্ৰহ কৰি পৰীক্ষা কৰাৰ পিছত ৫ দিন কোকৰাঝাৰত ৰখাৰ পিছত ছাত্ৰগৰাকীৰ পৰীক্ষাৰ ফলাফল নিগেটিভ ওলোৱাত ঘৰলৈ যাবলৈ দিয়া যথা বিধি অনুসাৰে। অভয়াপুৰীৰ নিউ পিৰাধৰাৰ বাসিন্দা ছাত্ৰজনৰ অভিযোগ অনুসৰি কোকৰাঝাৰ কোৱাৰেন্টাইন কেন্দ্ৰৰ পৰা যাবলৈ দিয়া হয় যদিও বঙাইগাওঁ জিলা প্ৰশাসনে ছাত্ৰগৰাকীক পুনৰ স্থানীয় বিদ্যালয় এখনত কোৱাৰেন্টাইন কৰে। বিগত ১৫ দিন উক্ত কেন্দ্ৰটোত অকলশৰে কটোৱা ছাত্ৰগৰাকীক খাদ্যটো দুৰৈৰ কথা এটা খৱৰ লবলৈও আহৰি নাপালে উত্তৰ শালমাৰা মহকুমা প্ৰশাসনে। যাৰ ফলত মানসিকভাৱে ভাঙি পৰা আছিফ ইকবালে ছোচিয়েল মিদিয়াযোগে প্ৰশাসনক আহ্বান জনায় ব্যৱস্থা গ্ৰহনৰ বাবে। আৰু ইয়াৰ পিছতে ছাত্ৰগৰাকীক মুকলি কৰি দিয়ে প্ৰশাসনে। এতিয়া প্ৰশ্ন হয় কোৱাৰেন্টাইনৰ নামত প্ৰকৃততে এয়া প্ৰশাসনৰ ভেকো ভাওনা নেকি? নিগেটিভ ওলোৱা এগৰাকী ছাত্ৰক কি যুক্তিত উত্তৰ শালমাৰা মহকুমা প্ৰশাসনে ১৫ দিনকৈ কোৱাৰেন্টাইনৰ নামত মানসিক শাস্তি দিলে? ইয়াৰ উত্তৰ কোনে দিব ?




Post a Comment

Previous Post Next Post