বিশ্ব পৰিবেশ দিৱস উপলক্ষে গোৱালপাৰাত চি আৰ পি এফৰ দহ হেজাৰ গছপুলি ৰোপণ কাৰ্য্যসূচী আজিৰ পৰা কৰিলে শুভাৰম্ভ

বিশ্ব পৰিবেশ দিৱস উপলক্ষে গোৱালপাৰাত  চি আৰ পি এফৰ দহ হেজাৰ গছপুলি ৰোপণ কাৰ্য্যসূচী আজিৰ পৰা কৰিলে শুভাৰম্ভ



আজি পাঁচ জুন ,  বিশ্ব পৰিবেশ দিৱস । সমগ্ৰ বিশ্বতে আজি বিশ্ব পৰিবেশ দিৱস পালন কৰাৰ সমান্তৰাল ভাৱে  পালন কৰে গোৱালপাৰা স্থতিত চি আৰ পি এফৰ  ১৫২ নং বেটেলিয়ানে।

বিশ্ব পৰিবেশ দিৱসৰ লগত সংহতি ৰাখি বন বিভাগৰ সহযোগত চি আৰ পি এফৰ কামাণ্ডেন্ট  মিথিলেশ কুমাৰৰ নেতৃত্বত  গছপুলি ৰোপন কৰে চি আৰ পি এফৰ জোৱান আৰু বিষয়া সকলে ।

দহ হেজাৰ গছপুলি ৰোপণৰ লক্ষ্যৰে আজি প্ৰায় আঢ়ৈ হাজাৰ গছপুলি ৰোপণ কৰে প্ৰস্তাৱিত ৰাক্ষসনী সংৰক্ষিত বনাঞ্চলত ।

আজিৰ এই গছপুলি ৰোপণ কাৰ্য্যসূচীত গোৱালপাৰা আৰক্ষী প্ৰশাসনৰ  তৰফৰ পৰা উপস্থিত থাকে অতিৰিক্ত আৰক্ষী অধীক্ষক  অমিতাভ বসুমাতাৰী আৰু উপ আৰক্ষী অধীক্ষক ৰূপজ্যোতি কলিতা।ইয়াৰ ওপৰিও উপস্থিত থাকে গোৱালপাৰা সংমণ্ডল বন বিষয়া খনীন্দ্ৰ দাস আৰু আঞ্চলিক বন বিষয়া  শান্তনা মেধিকে ধৰি অন্যান্য বন বিষয়া সকল ।


Post a Comment

Previous Post Next Post