টীয়কত পুঠিনদীৰ প্ৰথমটো বাঢ়নি পানীৰ তলত কুৰি খনৰো অধিক গাঁও

টীয়কত পুঠিনদীৰ প্ৰথমটো বাঢ়নি পানীৰ তলত কুৰি খনৰো অধিক গাঁও

TEOK: যোৱানিশা এজাক মূখলধাৰ বৰষুণৰ ফলত টীয়কৰ পুঠীনদীৰ বাঢ়নি পানীয়ে বিধ্বংসী ৰূপ ধাৰণ কৰিছে। টীয়ক ৰাজহ চক্ৰৰ অন্তৰ্গত প্ৰায় কুৰিখনৰো অধিক ৰাজহ গাঁও এতিয়া পানীৰ তলত। পুঠীনদীৰ দুয়োকাষৰ মথাউৰি বিগত সময়ত মেৰামতি কৰা হৈছিল যদিও মেৰামতিৰ বাবে অহা ধনৰাশিৰ পৰিমাণ কম হোৱাৰ বাবে অধিক তনকীয়ালভাৱে মথাউৰি মেৰামতি কৰিব নোৱাৰৰ ফলতে বছৰৰ প্ৰথমটো বাঢ়নি পানীতে মথাউৰিৰ কেইবাটাও অংশ ছিঙি যোৱাৰ ফলত এতিয়া খেতিপথাৰকে ধৰি ৰাইজৰ ঘৰৰ ভিতৰত পিনী সোমাই তচনচ কৰিছে।লগতে আকস্মিক পানীত অহাত ৰাইজৰ খাদ্যবস্তুকে ধৰি খোৱাপানীৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে।সেয়ে এতিয়া অনতি পলমে মথাউৰিটো কটকটীয়াকৈ মেৰামতি কৰি দিবলৈ আহ্বান জনাইছে ৰাইজৰ লগতে  অসম জাতীয়তাবাদী যুৱ  ছাত্ৰ পৰিষদৰ পীড়াকটা আঞ্চলিক সমিতিয়ে। কৰুণা মহামাৰীৰৰ বিভীষিকা চলি থকাৰ মাজতে এইবাৰ এই গাঁওসমূহৰ জনসাধাৰণে সংগ্ৰাম কৰিব লগা হৈছে বানৰ তাণ্ডৱৰ সৈতে। উল্লেখযোগ্য যে বানৰ বিভীষিকা চলিথকাৰ এটা দিন পাৰ হৈ থকাৰ পিছতো কোনো চৰকাৰী বিষয়া, প্ৰশাসনৰ লোক বা স্থানীয় বিধায়িকাই খা-খবৰ নোলোৱাত ক্ষোভ প্ৰকাশ কৰিছে ভুক্তভোগি ৰাইজে।


Post a Comment

Previous Post Next Post