meta name="facebook-domain-verification" content="2u20w3a5eu94ehyno1esmjlvzzz165" /> কাজিৰঙাৰ সৌন্দৰ্য উপভোগ কৰক আৰু পাঁচ হাজাৰ টকা

কাজিৰঙাৰ সৌন্দৰ্য উপভোগ কৰক আৰু পাঁচ হাজাৰ টকা

কাজিৰঙাৰ সৌন্দৰ্য উপভোগ কৰক আৰু পাঁচ হাজাৰ টকা


গাড়ীৰ গতিবেগ নিয়ন্ত্ৰিত ৰাখক , কাজিৰঙাৰ সৌন্দৰ্য উপভোগ কৰক আৰু পাঁচ হাজাৰ টকা বছাওক ৰাইজলৈ এই আহ্বান কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱকুমাৰ । বানপানীৰ সময়ত সুৰক্ষিত স্থান বিচাৰি ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথ অতিক্ৰমি কাজিৰঙা ৰ বন্যপ্ৰাণী সমূহ ঢাপলি মেলে কাৰ্বি পাহাৰলৈ। তীব্ৰবেগী গাড়ীৰ খুন্দাত মৃত্যু মুখত পৰে বহু বন্য প্ৰাণীৰ। গাড়ীৰ গতিবেগ নিয়ন্ত্ৰণৰ বাবে ইতিমধ্যে বোকাখাত আৰু কলিয়াবৰ প্ৰশাসনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান এলেকাত জাৰী কৰিছে ১৪৪ ধাৰা । জখলাবন্ধা ৰ পৰা বোকাখাত ৰ মাজত ঘণ্টাত চল্লিছ কিলোমিটাৰ ৰ ওপৰত চলাব নোৱাৰিব গাড়ী। চল্লিছ কিলোমিটাৰতকৈ অধিক গতিত গাড়ী চলাব লাগিলে গাড়ীৰ মালিকে ভৰিব লাগিব পাঁচ হেজাৰ টকাৰ জৰিমনা। পূৰ্বৰ দৰে টাইম কাৰ্ডৰ ব্যৱস্থা থাকিব যদিও পথছোৱাৰ ছয় ঠাইত থাকিব অত্যাধুনিক ছফ্টৱেৰ যুক্ত কেমেৰা। এই কেমেৰা ৰ জড়িয়তে বনবিভাগে ঘণ্টাত চল্লিছ কিলোমিটাৰ ওপৰৰ গতিত চলা বাহন চিনাক্ত কৰি জৰিমনা বিহাৰ ব্যবস্থ্য কৰিব । জৰিমনা বিহাতো উদ্দেশ্য নহয় বন্য প্ৰাণীৰ জীৱন ৰক্ষাহে মূল উদ্দেশ্য। সেয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান এলেকাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথত চল্লিছ কিলোমিটাৰৰ কম গতিবেগত গাড়ী চলোৱাৰ আহ্বান উদ্যান খনৰ সঞ্চালক পি শিৱকুমাৰৰ।


Post a Comment

Previous Post Next Post