দুমাহে দৰমহাৰ পৰা বঞ্চিত গোৱালপাৰাৰ কোৱাৰেন্টাইন চেণ্টাৰত নিয়োজিত ৫৭ জন গৃহৰক্ষী জোৱান
গোৱালপাৰা ৮ জুন: সমগ্ৰ দেশত এতিয়া কৰোনা মোহমাৰীয়ে ভয়াৱহ ৰূপ লোৱাৰ ফলত দেশ জুৰি তলাবন্ধ চলি থকাৰ মাজতে চিকিৎসক,নাৰ্ছ আৰক্ষী প্ৰশাসনৰ লগতে সমানে সমানে যুঁজ দি আহিছে গৃহৰক্ষী জোৱান সকলেও।অতি পৰিতাবৰ বিষয় যি সময়ত অতি সামান্য দৰমহাত গৃহৰক্ষী জোৱান সকলে দিনে নিশাই কাম কৰি অহাৰ লগতে মহামাৰী কোৰোনাৰ বিৰুদ্ধে যি কোনো সময়ত যিকোনো পৰিস্থিতত নিজৰ কৰ্তব্য পালন কৰিবলৈ প্রস্তুত সেই সময়তে গৃহৰক্ষী জোৱান সকলে দুমাহে নিজৰ প্ৰাপ্য দৰমহাৰ পৰা বঞ্চিত হোৱা বিষয়টোলৈ গৃহৰক্ষী যোৱান সকলৰ মাজত এতিয়া সৰৱ চৰ্চা চলিছে। উল্লেখ্য যে সমগ্ৰ অসমৰ কোৱাৰেন্টাইন চেণ্টাৰ সমূহত পাছ হেজাৰতকৈ অধিক গৃহৰক্ষী জোৱান নিয়োজিত হৈ আছে যদিও গোৱালপাৰা জিলাৰ কোৱাৰেন্টাইন চেণ্টাৰ সমূহত মাত্ৰ ৫৭ জন যোৱান কৰ্মত নিয়োজিত হৈ আছে। সামান্য দৰমহাত কৰ্মৰত গৃহৰক্ষী জোৱান সকলে দুমাহে দৰমহা নোপোৱাত জোৱান সকলৰ পৰিয়াল সমুহত এতিয়া পানীত হাঁহ নচৰা অবস্থাৰ সৃষ্টি হৈছে।মাত্ৰ সাত হেজাৰৰ পৰা নো হেজাৰ টকা দৰমহাত চাকৰি কৰা গৃহৰক্ষী জোৱান সকলৰ পৰিয়াল পহ পাল দিবলৈ একমাত্ৰ দৰমহাৰ ওপৰত নিৰ্ভৰ সেয়েহে কোৱাৰেইন্টাইন চেণ্টাৰ সমূহত নিয়োজিত ৫৭ জন যোৱানৰ দৰমহা হিঘ্ৰেই মোকোলাই দিবলৈ গোৱালপাৰা জিলা গৃহৰক্ষী সন্থাৰ সম্পাদক আব্দুল হাকিমে জিলা প্ৰশাসনক দাবী জনাইছে।

Tags
অসমীয়া বাতৰি