ড° ৰঞ্জিত ৰঞ্জন শইকীয়া শৈক্ষিক ন্যাস সন্দৰ্ভত টীয়কত সংবাদ মেল
TEOK: যোৱা ২৩ ফেব্ৰুৱাৰী ২০১৯ বৰ্ষত এটি ভয়ংকৰ পথ দুৰ্ঘটনাত অকাল মৃত্যুক আঁকোৱালি লোৱা টীয়ক চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়ৰ প্ৰবক্তা ড° ৰঞ্জিত ৰঞ্জন শইকীয়াৰ স্মৃতিৰাজি ভৱিষ্যতৰ প্ৰজন্মৰ মাজত জীয়াই ৰখাৰ মানসেৰে পৰিয়ালৰ সহযোগত এটি শৈক্ষিক ন্যাস গঠন কৰা হৈছে।এই উদ্দেশ্যে টীয়কৰ ফুড ভিল্লাত ন্যাসৰ সমিতিয়ে এখনি সংবাদ মেলৰ আয়োজন কৰে।উক্ত সংবাদ মেলত ন্যাস সমিতিৰ উপদেষ্টা অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত যুটীয়া সচিব হীৰা প্ৰসাদ নাথ,যোৰহাট জিলা ছাত্ৰ সন্থাৰ সম্পাদক জিতু নেওগ,সভাপতি টীয়কৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ৰন্টু ভুঞা,সম্পাদক তথা প্ৰয়াত শইকীয়াৰ পৰিবাৰ ড° ৰুবী নাথ সদস্য তথা টীয়কৰ বিশিষ্ট যুৱ ব্যৱসায়ী বিক্ৰমজিৎ ভুঞা উপস্থিত থাকি প্ৰতি বছৰে টীয়ক অঞ্চলৰ পৰা উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ বিশেষকৈ দৰিদ্ৰ পৰিয়ালৰ একোগৰাকী ছাত্ৰ অথবা ছাত্ৰীক প্ৰত্যেক বৰ্ষতে স্নাতক পৰ্য্যায়ত শিক্ষাগ্ৰহণৰ ক্ষেত্ৰত সম্পূৰ্ণ খৰছ বহন কৰিব বুলি সংবাদমেলত ব্যক্ত কৰে।উল্লেখযোগ্য যে চলিত বৰ্ষৰ পৰাই এই ন্যাসে এই সুবিধাসমূহ ছাত্ৰ-ছাত্ৰীৰ উদ্দেশ্যে মুকলি কৰিছে বুলি জানিবলৈ দিয়াৰ লগতে এই বিষয়ৰ সন্দৰ্ভত অধিক জানিবৰ বাবে টীয়ক চন্দ্ৰ কমল বেজবৰুৱা মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ প্ৰবক্তা তথা ড° ৰঞ্জিত ৰঞ্জন শইকীয়াৰ সহধৰ্মিনী ৰুবী নাথৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান জনাইছে।

Tags
অসমীয়া বাতৰি