মৰেল পুলিচৰ এক ঘটনাক কেন্দ্ৰ কৰি দেওঁবাৰে বঙাইগাওঁ জিলাৰ মেৰেৰচৰ আৰক্ষী
থানাত ধৰ্ণা কাৰ্যসুচী ৰূপায়ন কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে
মৰেল পুলিচৰ এক ঘটনাক কেন্দ্ৰ কৰি দেওঁবাৰে বঙাইগাওঁ জিলাৰ মেৰেৰচৰ আৰক্ষী থানাত ধৰ্ণা কাৰ্যসুচী ৰূপায়ন কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। মেৰেৰচৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মোবাৰক আলীৰ ৰহস্যজনক ভুমিকাত ক্ষুন্ন ৰাইজে কৃষক মুক্তিৰ সহযোগত কৰে প্ৰতিবাদ। উল্লেখ্য যে ১১ জুনৰ নিশা আব্দুল হানিফ আলী নামৰ এগৰাকী মানসিক বিকাৰগ্ৰস্ত লোকক ৫৭৩ নং হৰিৰচৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক কুৰবান আলীয়ে লোকমান হুছেইন, চুৰমান আলী আৰু ওচমান গনিৰ সহযোগত হাত ভৰি বান্ধি চলাইছিল তালিবানী নিৰ্যাতন। উক্ত ঘটনাৰ পিছতে হানিফ আলীৰ পৰিয়ালে থানাত গোচৰ ৰুজু কৰে যদিও আৰক্ষী বিষয়াজনে ওলোটাই আব্দুল হানিফ আলীকহে জেল হাজোতলৈ প্ৰেৰণ কৰে। ৰাইজৰ অভিযোগ আৰক্ষী বিষয়াজনে শকত অংকৰ ধনৰ বিনিময়ত পক্ষপাতিত্ব কৰি চাৰিওজন আচামীক আজিলৈকে আটক কৰা নাই। যাৰফলত আজিও মুক্ত আকাশৰ তলত বীৰদৰ্পে ঘুৰি ফুৰিছে চাৰিওজন আচামী । আৰক্ষীৰ এনে পক্ষপাতিত্বমুলক ব্যৱস্থাৰ বিৰোধিতাৰে দেওঁবাৰে আৰক্ষী থানাৰ সন্মুখত ধৰ্ণা কাৰ্যসুচী ৰূপায়ন কৰি ২৪ ঘন্টাৰ ভিতৰত আচামীক কৰায়ত্ব কৰাৰ দাবী উত্থাপন কৰে । অন্যথা ইয়াতকৈও তীব্ৰ প্ৰতিবাদৰ সন্মুখীন হ'ব লাগিব বুলিও সকিয়নী প্ৰদান কৰে।
আনহাতে, স্থানীয় ৰাইজৰ অভিযোগ, মেৰেৰচৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে আচামীক কৰায়ত্ব কৰাৰ বিপৰীতে আচামীৰ গৃহত শীতল পানী আৰু চাঁহেৰে আপ্যায়িত হৈ আহে। উল্লেখ্য যে, শিক্ষক কুৰবান আলী পুৰ্বে ৩ টাকৈ ধৰ্ষনৰ গোচৰত অভিযুক্ত হোৱাৰ লগতে এবাৰ জেলৰ ভাতো খাব লগা হৈছিল বুলি জানিব পৰা গৈছে।

Tags
অসমীয়া বাতৰি