টীয়ক সমষ্টিত বিজেপিৰ জনসম্পৰ্ক অভিযানৰ কাৰ্যসূচীঃলক্ষ্য২০২১ৰ নিৰ্বাচন

টীয়ক সমষ্টিত বিজেপিৰ জনসম্পৰ্ক অভিযানৰ কাৰ্যসূচীঃলক্ষ্য২০২১ৰ নিৰ্বাচন


 টীয়ক : ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ সভাপতি শ্ৰীযুত ৰণজিৎ কুমাৰ দাসৰ নিৰ্দেশ মৰ্মে বিগত চাৰিটা বছৰৰ সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰৰ সফলতাৰ বিষয়ে ৰাজ্যবাসীক অৱগত কৰাৰ উদ্দেশ্য আগত ৰাখি বিজেপি দলটোৱে প্ৰতিটো সমষ্টিত আৰম্ভ কৰা জনসম্পৰ্ক অভিযানৰ পষেকজোৰা কাৰ্যসূচী অংশ হিচাপে যোৱা ১৬ জুন তাৰিখে যোৰহাট জিলাৰ ১০২ নং টীয়কৰ  বিধান সভা সমষ্টিৰ ২নংভগামুখত গাওঁ পঞ্চায়তত শুভাৰম্ভ কৰে বিজেপিৰ ৰাজ্যিক সমিতিৰ সাধাৰণ সম্পাদক মৃগাংক বৰ্মনে৷ ভগামুখৰ অসম প্ৰসিদ্ধ দিহানামৰ শিল্পী কমলা গগৈ, গড়গাওঁ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক পৰাগ বৰাকে মুখ্য কৰি সমষ্টিটোৰ কেইবাজনো সামাজিকভাৱে দায়বদ্ধ , সমাজৰ বিভিন্ন ক্ষেত্ৰত গুৰু দায়িত্ব বহন কৰি থকা ব্যক্তিৰ লগত মত - বিনিময় কৰাৰ  লগতে মাননীয় প্ৰধানমন্ত্ৰী মহোদয়ৰ পত্ৰ , মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ পত্ৰ আৰু অসম চৰকাৰৰ চাৰিবছৰীয়া কাৰ্যকালৰ ভিতৰত চৰকাৰখনে ইতিমধ্যে সম্পূৰ্ণ কৰা আৰু হাতত লোৱা কামৰ সাম্যক ধাৰণা  দিবলৈ প্ৰয়াস কৰা " আস্থা আৰু বিশ্বাসৰ অনন্য যাত্ৰা " নামৰ খতিয়ান পত্ৰখন তেখেতসকলৰ হাতত তুলি দিয়ে। এই কাৰ্যসূচীত যোৰহাট জিলাৰ মাননীয় সভাপতি শ্ৰীযুত কামাখ্যা মোহন দাস ডাঙৰীয়াৰ নিৰ্দেশ মৰ্মে জিলাৰ উপ - সভাপতি ৰফিক উজ জামান  আৰু জিলাৰ সাধাৰণ সম্পাদক অমৰজ্যোতি শইকীয়া৷ ৰাজ্যিক সাধাৰণ সম্পাদক গৰাকীক বিশেষভাৱে সহযোগ কৰে জিলাৰ সম্পাদিকা শ্ৰীযুতা ৰুমি চেতিয়াৰ উপৰিও টীয়ক বিধানসভা সমষ্টিৰ দুয়োটা মণ্ডল ক্ৰমে চিপাহীখোলা আৰু কলিয়াপানীৰ দূয়োগৰাকী সভাপতি শ্ৰীযুত ৰাতুল বৰঠাকুৰ আৰু শ্ৰীযুত দিপক শইকীয়াই সহযোগ কৰে। এই কাৰ্যসূচী দিনৰ ১১ -৩০ বজাৰ পৰা বিয়লি ৪ বজালৈকে কৰা হয়। উল্লেখযোগ্য যে এই কাৰ্যসূচী ৩০ জুন, ২০২০ তাৰিখলৈকে চলি থাকিব আৰু সমষ্টিটোৰ প্ৰতিজন ব্যক্তিৰ ঘৰতে পত্ৰকেইখন  বৰ্তমানৰ নীতি- নিয়মৰ মাজেৰে দিয়া হ'ব বুলি দলীয় কৰ্মকৰ্তা সকলে জানিবলৈ দিয়ে৷



Post a Comment

Previous Post Next Post