শাসকীয় দল বিজেপিৰ গণ সংযোগ অভিযান চলিব বুলি ঘোষণা কৰাৰ মাজতে ৰাজ্যত বিকল্প ৰাজনীতিৰ সন্ধানত তৎপৰতা বৃদ্ধি আপ তথা আম আদমি পাৰ্টীৰ

শাসকীয় দল বিজেপিৰ  গণ সংযোগ অভিযান চলিব বুলি ঘোষণা কৰাৰ মাজতে  ৰাজ্যত বিকল্প ৰাজনীতিৰ সন্ধানত  তৎপৰতা বৃদ্ধি  আপ তথা আম আদমি পাৰ্টীৰ
    


২০২১ চনৰ অসম বিধান সভা নিৰ্বাচন লৈ মাজত মাথো কেইটামান মাহ বাকী থকাৰ  সময়তে  ৰাজ্যত   বৃদ্ধি  ৰাজনৈতিক কুচকাৱাজ। স্বয়ং  শাসকীয় দল বিজেপিয়ে যদি গণ সংযোগ অভিযান চলাব পাৰে দিল্লী দখল কৰা  আপে নোৱাৰিব কিয়? সেয়েহে  বিজেপিৰ  সমানে সমানে এতিয়া ৰাজ্যত তৎপৰ হৈছে আপ । এইয়া তাৰেই  উদাহৰণ । আন  লকৰ  মাজতে এনেদৰেই  ঝাড়ুদাৰ পাৰ্টীৰ  আহবান ।
অসমত  বিকল্প ৰাজনীতিৰ সমাধান আপ । কেৱল যে ৰাজনৈতিক তৎপৰতা প্ৰদৰ্শন কৰিলে তেনে নহয় ।সমান্তৰালভাৱে  বহিঃৰাজ্যৰ পৰা অহা অসমীয়া  শ্ৰমিকসকলক লগত লৈ চৰকাৰে   পৰিকল্পনা প্ৰস্তুত কৰাৰ পোষকতা কৰে দল টোৱে ।
       ৰাজ্যৰ  আন আন জিলাৰ লগতে আজি  মৰিগাঁৱত উপস্থিত হয় ৰাজ্যিক সমিতিৰ কেইবাগৰাকী বিষয় ববীয়া । আপৰ এই সকলৰ নেতাৰ মতে মৰিগাঁৱৰ  বিধায়কৰ ৰমাকান্ত দেউৰী আৰু লাহৰীঘাটৰ বিধায়ক ডাঃ নজৰুল ইছলামে মৰিগাঁৱৰ  বাবে একো মাত নামাতে।
       ইফালে  মৰিগাঁৱৰ  কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদীসকলক মৰিগাঁও জিলা প্ৰশাসনে বলপূৰ্বক ভাৱে  হাতত ষ্টাম্প মাৰি হোম কোৱাইনটাইন কৰাৰ কাৰ্যক গৰিহণা প্ৰদান কৰে  ৰাজ্যিক  সমন্বয়ক আব্দুল  ৱাহিদে।
         উল্লেখযোগ্য যে  শেহতীয়াকৈ ৰাজ্যৰ  ১২৬ সংখ্যক  বিধান সভা সমষ্টিৰ গাঁও পঞ্চায়ত পৰ্যায়ৰ লৈকে সাংগঠনিক কাম-কাজ কৰা, অৰৱিন্দ কেজৰিৱালৰ ফটো সম্বলিত প্ৰচাৰ পত্ৰিকা বিতৰণ কৰা আদিৰ দৰে কেতবোৰ সজাগতা মূলক পদক্ষেপ ৰূপায়ণ কৰা  বুলি মন্তব্য প্ৰকাশ কৰি ত্ৰিশ হাজাৰ  নাগৰিকে  মিছ কলৰে আপত যোগদান কৰিছে বুলি উল্লেখ কৰে । মনকৰিবলগীয়া  যে মৰিগাঁও জিলাৰ বিজেপিৰ কেইবাগৰাকী বিষব-ববীয়াই শীঘ্ৰে  আপত যোগদান কৰিব বুলি সংবাদ মাধ্যমৰ আগত সদৰি কৰে মৰিগাঁও  জিলা সমিতিৰ সম্পাদক মুস্তাফা কামালে।

Post a Comment

Previous Post Next Post