বৃহস্পতিবাৰে আবেলি বঙাইগাঁৱ জিলাৰ বইটামাৰীৰ শিলঘাগিৰী পাহাৰত সংঘটিত হয় এক ভয়ংকৰ ঘটনা
এক ভয়াবহ বিষ্ফোৰণে কপাই তোলে সমগ্ৰ অঞ্চল
কেমেৰাত বন্দী বিষ্ফোৰণৰ ভয় লগা দৃশ্য
জৈৱ বৈচিত্ৰতা তথা জনজীৱনৰ প্ৰতি তীব্ৰ ভাবুকি কঢ়িয়াই বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ বইটামাৰী শিলঘাগিৰী পাহাৰৰত থকা শিলৰ কুঁৱেৰীত ভয়ংকৰ বিস্ফোৰণ ঘটায় মহলদাৰে। বৃহস্পতিবাৰে সংঘটিত বিষ্ফোৰণত ব্যাপক ক্ষতি হোৱা পৰিলক্ষিত হয় স্থানীয় আবাসিক অঞ্চলত। বিষ্ফোৰণৰ তীব্ৰতা ইমানেই বেছি আছিল যে বৃহৎ শিলৰ টুকুৰা উফৰি পৰে বিদ্যালয় গৃহৰ ওপৰত। ফলত টিনপাত ফুটি বিদ্যালয়ত সোমায় প্ৰকাণ্ড শিলৰ টুকুৰা। ৩৩ নং চি শালবাৰী আদৰ্শ প্ৰাথমিক বিদ্যালয়খন প্ৰশাসনে কোৱাৰেন্টাইন চেন্টাৰ হিচাপে অধিগ্ৰহণ কৰিছে । বহিঃৰাজ্যৰ পৰা আহি পোৱা লোক এই বিদ্যালয়ত কোৱাৰেন্টাইন কৰাৰো কথা আছিল। ঘটনাটোৱে ইতিমধ্যে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে বঙাইগাঁৱ জিলাত।
উল্লেখ্য যে, দীৰ্ঘদিনৰে পৰা কোকৰাঝাৰৰ প্ৰীতম নাৰ্জাৰীৰ মালিকানাধীন শিলঘাগিৰী ১ নং শিলৰ কুঁৱেৰীটো বন্ধ কৰাৰ দাবী জনাই আহিছে ৰাইজে। কিন্তু ৰাজ্যৰ বন বিভাগে তিলমানো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপিত হৈছে। জিলা উপায়ুক্ত এম এছ লক্ষ্মীপ্ৰিয়াক অতিশীঘ্ৰেই উক্ত শিলৰ কোৱেৰীসমুহ স্থায়ীভাৱে বন্ধ কৰি দিবলৈ ৰাইজে আহ্বান জনাইছে।

Tags
অসমীয়া বাতৰি