বছৰৰ প্ৰথমটো বানৰ কবলত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, আজিৰ পৰা প্ৰবৰ্তন কৰা হ'ল টাইম কাৰ্ড
ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পো্ৱাৰ লগে লগে ক্ৰমে পানী বাগৰিবলৈ আৰম্ভ কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ ৷সামান্তৰাল ভাৱে উফন্দি উঠা ডিফলু নদীৰ পানীও প্ৰবেশ কৰিছে ৰাষ্ট্ৰীয় উদ্যান খনত ৷ৰাষ্ট্ৰীয় উদ্যান খনৰ ব্ৰহ্মপুত্ৰৰ দাঁতি কাষৰীয়া বনশিবিৰ সমূহৰ এটাৰ পাছত আনটো বনশিবিৰৰ তলেদি পানী বাগৰিবলৈ আৰম্ভ কৰিছে ৷ শনিবাৰ পৰ্যন্ত ইয়াৰ সংখ্যা ৭৮ টালৈ বৃদ্ধি পালে ৷ কাজিৰঙাৰ ৩৭ নং ৰাষ্ট্ৰীয় পথ অতিক্ৰম কৰা বন্য প্ৰানীৰ নিৰাপত্তাৰ বাবে ৰাষ্ট্ৰীয় পথটোত প্ৰশাসনে ১৪৪ ধাৰ জাৰি কৰাৰ লগতে বেৰিকেড বহুৱাই টাইম কাৰ্ড প্ৰবৰ্তন কৰে উদ্যান কৰ্তৃপক্ষই। কলিয়াবৰৰ আমগুৰিৰ পৰা হালধিবাৰীলৈ ২৮ কিলো মিটাৰ দূৰত্ব ৪২ মিনিট সময় ধাৰ্য কৰি আজি টাইম কাৰ্ড প্ৰবৰ্তন কৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কতৃপক্ষই।

Tags
অসমীয়া বাতৰি