গৰা খহনীয়াই ভয়াবহ ৰূপ ধাৰণ কৰিছে বঙাইগাওঁ জিলাৰ অভয়াপুৰীৰ মোহনপুৰত

গৰা খহনীয়াই ভয়াবহ ৰূপ ধাৰণ কৰিছে বঙাইগাওঁ জিলাৰ অভয়াপুৰীৰ মোহনপুৰত


গৰা খহনীয়াই ভয়াবহ ৰূপ ধাৰণ কৰিছে বঙাইগাওঁ জিলাৰ অভয়াপুৰীৰ মোহনপুৰত। খহনীয়াত জাহ গৈছে বহু লোকৰ ভেটি মাটি।  মুকলি আকাশৰ তলতে আক্ৰান্তই  কটাইছে বিনিদ্ৰ ৰজনী। খহনীয়া আক্ৰান্তৰ খৱৰ লবলৈ আহৰি পোৱা নাই চৰকাৰ প্ৰশাসনে । 
চপৰা চপৰে খহিছে ব্ৰহ্মপুত্ৰৰ গৰা , দিক বিদিক হেৰুৱাইছে নৈপৰীয়া লোক। খহনীয়াত আক্ৰান্ত কোনোবা মাতৃয়ে যদি দুখন ভঙা চালিৰ তলত ৰান্ধিছে খাদ্য, তেন্তে মুকলি আকাশৰ তলতে নিশ্চিন্তমনে শুইছে আন কোনোবা দেৱ শিশুৱে । এই দৃশ্য বঙাইগাওঁ জিলাৰ অভয়াপুৰীৰ মোহনপুৰৰ। বিগত ৪৮ ঘন্টাই অব্যাহত আছে অঞ্চলটোত ব্ৰহ্মপুত্ৰ নদীৰ তীব্ৰ গৰা খহনীয়া। মুহুৰ্ত্বে মুহুৰ্ত্বে খহি গৈছে বিশাল চপৰা। খহনীয়াত নিশ্চিহ্ন হৈ গৈছে কেইবাটাও পৰিয়ালৰ ভেটি মাটি। ফলত নৈৰ পাৰত বসবাস কৰা একাংশ লোকে প্ৰাণটো লৈ পলায়ন কৰি এতিয়া আশ্ৰয় গ্ৰহন কৰিছে পথৰ কাষত। কিন্তু আক্ৰান্ত ৰাইজৰ অভিযোগ, বৰ্তমানলৈকে চৰকাৰী প্ৰশাসন তথা কোনো জনপ্ৰতিনিধিয়েও খৱৰ লোৱা নাই খহনীয়া পিড়ীত লোকসকলৰ।

Post a Comment

Previous Post Next Post