জেএম চিএইচত চিকিৎসাধীন টীয়কৰ কালেশ্বৰ ওৰাংৰ মৃতদেহ চিকিৎসালয়ৰ বাহিৰত উদ্ধাৰ হোৱা ঘটনাৰ তীব্ৰ প্ৰতিক্ৰিয়া বিধায়ক ৰূপজ্যোতিৰ

জেএম চিএইচত চিকিৎসাধীন টীয়কৰ কালেশ্বৰ ওৰাংৰ মৃতদেহ চিকিৎসালয়ৰ বাহিৰত উদ্ধাৰ হোৱা ঘটনাৰ তীব্ৰ প্ৰতিক্ৰিয়া বিধায়ক ৰূপজ্যোতিৰ

TEOK:টীয়ক নামচেচু অঞ্চলৰ কালেশ্বৰ ওৰাং নামৰ যুৱকজন যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকাৰ পাছত তেওঁৰ মৃতদেহ কিদৰে চিকিৎসালয়ৰ পৰা প্ৰায় ১৫ কি:মি: দূৰৈত উদ্ধাৰ হ'ল সেয়া এক ৰহস্যৰ বিষয় আৰু এই ঘটনাৰ এক উপযুক্ত তদন্তৰ দাবী জনাইছে মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ ।উল্লেখযোগ্য যে যোৱা ১০ জুনত ওৰাংক যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰাইছিল যদিও কভিড পৰীক্ষা নকৰাকৈ পৰিয়ালৰ লোকক ৰোগীক সাক্ষাৎ কৰিবলৈ দিয়া নাছিল । কিন্তু পৰবৰ্তী সময়ত চিকিৎসাধীন অৱস্থাত থকা ওৰাংৰ মৃতদেহ ১৮ জুনত চিনামৰা অঞ্চলত উদ্ধাৰ হয় । উদ্ধাৰ হোৱা মৃতদেহটো আৰক্ষীয়ে উদ্ধাৰ কৰি চিকিৎসা মহাবিদ্যালয়লৈ আনি মৰোণোত্তৰ পৰীক্ষা কৰি পৰিয়ালৰ কোনো লোকৰ সন্ধান নাপাই চিকিৎসালয়ৰ মৰ্গত ৰাখি থয় । অৱশ্যে পৰিয়ালৰ লোকে যোৱা ২৬ জুনত চিকিৎসালয়ৰ মৰ্গত ওৰাংৰ মৃতদেহ উদ্ধাৰ কৰে । এই ভয়ংকৰ ঘটনা গাপ দিব বিচাৰিছিল চিকিৎসালয় কৰ্তৃপক্ষই । দৰিদ্ৰ পৰিয়ালৰ হোৱাৰ বাবে এনে কাণ্ড সংঘটিত হোৱাৰ পাছতো কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উঠিছে ।ইপিনে মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী ওৰাঙৰ দুৰ্ভগীয়া পৰিয়ালটোৰ কাষত থিয় হৈ এই ঘটনাৰ উচিত তদন্তৰ দাবী জনায় ।লগতে বিধায়কগৰাকীয়ে চিকিৎসালয়খনৰ নিৰাপত্তাৰ ফোপোলা স্বৰূপৰ বাবে এনে ঘটনা সংঘটিত হোৱাৰ পাছতো কোনো ব্যৱস্থা গ্ৰহণ নকৰাত আশ্চৰ্য প্ৰকাশ কৰিছে আৰু স্বাস্থ্য বিভাগটো সঠিক ৰূপত আছেনে বুলি প্ৰশ্ন তুলিছে।

Post a Comment

Previous Post Next Post