টীয়কৰ ভগামুখত কাম নকৰাকৈয়ে জৱকাৰ্ড হিতাধিকাৰীৰ অজ্ঞাতে ভূৱা বেংক একাউন্টৰ যোগেদি দুষ্ট চক্ৰই লুটিছে জৱকাৰ্ডৰ ধন,আৰক্ষীক গোচৰ ভূক্তভোগীৰ
TEOK: যোৰহাট জিলাৰ টীয়ক বিধানসভা সমষ্টিৰ কলীয়াপানী উন্নয়ণখণ্ডৰ অন্তৰ্গত ২ নং ভগামুখ গাওঁ পঞ্চায়তত এমএনৰেগা আঁচনিৰ জৱকাৰ্ডত বৃহৎ অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে।অভিযোগ অনুসৰি পঞ্চায়তখনৰ ৩ নং ৱাৰ্ডৰ এগৰাকী হিতাধিকাৰীৰ নামত ভূৱা জৱকাৰ্ডৰ যোগেদি ২০১১ চনৰ পৰা বৰ্তমানলৈ প্ৰায় ৩২ হাজাৰ টকা তেওঁৰ অজ্ঞাতে একাউন্টত সোমাইছে। প্ৰাপ্ত তথ্য অনুসৰি ২ নং ভগামুখ গাঁও পঞ্চায়তৰ ৩ নং ৱাৰ্ডৰ তামুলীগাওঁ নিবাসী ৰবীন চাংমাইৰ নামত ২০০৮ চনত এ.এছ- ১৫-০০৫ -০০২ /৪৮৮ নম্বৰৰ এটা জৱকাৰ্ড পঞ্জীয়ন কৰা হৈছিল। কিন্তু লোকজনে আজি তাৰিখলৈকে কোনো এটা জৱকাৰ্ডৰ কাম কৰিবলৈ সুবিধা নাপালে।
ইয়াৰ বিপৰীতে লোকজনৰ জৱকাৰ্ডত ২০১১ চনৰ পৰাই কাম কৰা দেখুওৱা হৈছে আৰু এই পৰ্যন্ত উক্ত ধনৰাশিতকৈও অধিক টকা কামৰ বাবদ আদায় দিয়া হৈছে। ইফালে যোৱা ২৫ জুনত ৰবীন চাংমাই নামৰ লোকজনে তেওঁৰ জৱকাৰ্ডত জালিয়াতি সংঘটিত হোৱা বুলি অভিযোগ তুলি ভগামুখ আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰিছে। আনহাতে স্থানীয় ৰাইজে পঞ্চায়ত খনৰ ৪ নং ৱাৰ্ডত এনৰেগ আঁচনিৰ জৱকাৰ্ডৰ কামত ব্যাপক অনিয়ম সংঘটিত হোৱা বুলি অভিযোগ তুলি যোৱা ২২ জুনত টীয়ক ৰাজহ চক্ৰ বিষয়াক এক আবেদন পত্ৰ প্ৰদান কৰি এই সন্দৰ্ভত এক তদন্তৰ দাবী জনায়। ভগামুখ গাওঁ পঞ্চায়ত জৱকাৰ্ডৰ ক্ষেত্ৰত উপযুক্ত তদন্তৰ ব্যৱস্থা কৰিলে এনে বহুতো ভূৱা জৱকাৰ্ডৰ তথ্য পোহৰলৈ আহিব বুলি দাবী কৰিছে স্থানীয় ৰাইজে।

Tags
অসমীয়া বাতৰি