টীয়কৰ চৰকাৰী চিকিৎসালয়ৰ চিকিৎসকৰ দেহত কভিড ১৯ পজিটিভ
TEOK:টীয়কৰ চৰকাৰী চিকিৎসালয় টীয়ক এফ আৰ ইউত কৰ্তব্যৰত চিকিৎসকৰ দেহত কভিড ১৯ পজিটিভ ধৰা পৰাৰ পাছতো চিকিৎসালয়খনৰ আন চিকিৎসক,নাৰ্চ কৰ্মচাৰী সকলৰ স্বাৱ পৰীক্ষা নকৰাক কেন্দ্ৰ কৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।উল্লেখযোগ্য যে শনিবাৰে চিকিৎসালয় খনৰ চিকিৎসক ডা: শ্ৰীমন্ত মাধৱ বৰুৱাৰ স্বাৱ পৰীক্ষাৰ ফলাফল পজিটিভ অহাৰ পাছত চিকিৎসালয় খনত আজিও অব্যাহত আছে চিকিৎসা সেৱা । কোনো ধৰণৰ নিৰ্দেশনা স্বাস্থ্য বিভাগৰ তৰফৰ পৰা পোৱা নাই চিকিৎসালয় কৰ্তৃপক্ষই ।ফলত এক অনিশ্চয়তাৰ মাজত চিকিৎসালয়খনৰ চিকিৎসক,নাৰ্ছে কৰ্ম সম্পাদন কৰিব লগা হৈছে ।

Tags
অসমীয়া বাতৰি