কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত উপস্থিত বন মন্ত্ৰী পৰিমল শুক্লবদ্য

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত উপস্থিত বন মন্ত্ৰী পৰিমল শুক্লবদ্য

বাৰিষাৰ প্ৰথমটো বানত বিধ্বস্ত হোৱা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ৰ বাগৰি বনাঞ্চলিক  কাৰ্য্যালয়ৰৰ অন্তৰ্গত কাজিৰঙা ৰ অন্তৰ্ভাগত  মেচিন নাও ত উঠি আজি বান পৰিস্থিতি পৰিদৰ্শন কৰে  বনমন্ত্ৰী পৰিমল শুক্লবদ্য ই।বাৰিষা ব্ৰহ্মপুত্ৰ ৰ বাঢ়নী পানীত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মুঠ ১৪৬ তা বন শিবিৰ পানীৰ তলত বোৰ যোৱাৰ ফলত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জীৱকুল ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথ অতিক্ৰম কৰি কাৰ্বি পাহাৰৰ দিশে গতি কৰিছে ।  কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ দ্বাৰা টাইম কাৰ্ড ৰ ব্যৱস্থা কৰা হৈছে যদিও ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথ অতিক্ৰম কৰোঁতে   মৃত্যু হৈছে জীৱ কুলৰ।বনমন্ত্ৰী ৰ  কাজিৰঙা  পৰিদৰ্শন ৰ সময়ত উপস্থিত থাকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱ কুমাৰ,মুখ্য বন সংৰক্ষক এম. কে.যাদৱ কে প্ৰমুখ্য কৰি বিষয় ববীয়া সকল ।

বানপানীৰ বাবে দিশহাৰা হোৱা অন্য জীৱ কুলৰ লগত বহুকেইটা গড়ে আশ্ৰয় লৈছে কাজিৰঙাৰ হাইলেণ্ডত। কাজিৰঙা  ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি.শিৱ.কুমাৰে  কাজিৰঙাৰ হাই লেণ্ড ত উপস্থিত হৈ বৰ্তমান কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভাগত হোৱা বান পৰিস্থিতিৰ কথা  কয়।

Post a Comment

Previous Post Next Post