অভিজাত ফলৰ খেতিৰে স্বাৱলম্বীতাৰ নিৰ্দশন মৰিগাঁৱৰ উদ্যোগী যুৱক প্ৰভাকৰ। বহিঃৰাজ্যৰ পৰা ঘূৰি অহা যুৱকসকলক ঘৰতে থাকি উন্নতজাতৰ খেতি কৰি ৫০/৬০ হাজাৰ টকা উপাৰ্জনৰে স্বাৱলম্বী হ'বলৈ আহবান মৰিগাঁৱৰ প্ৰভাকৰৰ।
কেইটামান মটৰ চাইকেলৰ পেলনীয়া ট্ৰায়াৰ আৰু কেইটামান ক্ৰংকিটৰ খুটা। এই দুবিধ সামগ্ৰী হ'লেই জৈৱিক পদ্ধতিৰে কৰিব পাৰে এবিধ অভিজাত ফলৰ খেতি। ক'বলৈ বিচাৰিছো অতিভিটামিনযুক্ত ,ৰসাল, সোৱাদযুক্ত তথা ঔষধিগুণ সম্পন্ন ড্ৰেগনৰ ফলৰ বিষয়ে । একালত উন্নত ৰাষ্ট্ৰসমূহৰ অভিজাত খেতি তথা ফলৰূপে পৰিচিত এইবিধ ফলৰ ব্যৱসায় ভিৰ্ত্তিত খেতি কৰিবলৈ অতি দৰকাৰী এটুকুৰা ওখ মাটি। প্ৰথম বছৰ ১ʼ৫ লাখ মান টকা খৰছ কৰাৰ পাছত ২০-২৫ বছৰলৈ ফল আৰু পুলি বিক্ৰীৰে দুইধৰণৰ লাভ কৰিব পাৰি। এটা পুলিৰ দাম ৪০-৫০ টকা।আনহাতে এক কিলো ড্ৰেগন ফলৰ দাম ৪ ৰ পৰা ৬ শ লৈকে। মৰিগাঁৱৰ প্ৰভাকৰ পোণা ডেকাৰ মতে ছমাহতে পুলি উৎপাদন কৰিলে শীঘ্ৰেই মূলধন পাব পাৰি। এক বছৰৰ পৰা ছিগিব পাৰি ফল। উল্লেখ্য যে ২য় বছৰৰ পৰা বৃদ্ধি হয় পুলি আৰু ফলৰ উৎপাদন । মৰিগাঁৱৰ এইজন পোণা ডেকাৰ মতে এবিঘা মাটিত বছৰত পুলি আৰু ফল বিক্ৰীৰে কমেও ৫ ৰ পৰা ৬ লাখ টকা কৰিব পাৰি উপাৰ্জন ।
মনকৰিবলগীয়া কথা যে এয়ে যে আজিকালি ড্ৰেগনৰ পুলি বিচাৰি আপুনি যাব নালাগে বহিঃৰাজ্যলৈ। ৰাজ্যৰ বহুকেইজন যুৱ তথা উদ্যোগী যুৱকে উন্নত মানৰ পুলি যোগান ধৰাৰ বাবে আগবাঢ়ি আহিছে । তাৰেভিতৰত মৰিগাঁৱৰ প্ৰভাকৰ পোণা ডেকাৰ অন্যতম।.

Tags
অসমীয়া বাতৰি