বিদ্যুৎ বিভাগৰ হঠকাৰীতাৰ বাবে টীয়কত প্ৰান গ'ল এজনৰ

বিদ্যুৎ বিভাগৰ হঠকাৰীতাৰ বাবে টীয়কত প্ৰান গ'ল এজনৰ

TEOK:পথাৰৰ মাজত ছিঙি পৰি থকা বিদ্যুৎ পৰিবাহী তাঁৰত লাগি টীয়কৰ মিলন নগৰত বিষ্টু বৰা নামৰ প্ৰায় ৫৫ বছৰীয়া এজন ব্যক্তিৰ মৃত্যু হোৱা ঘটনাই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।প্ৰাপ্ত তথ্য অনুসৰি পথাৰৰ পৰা গৰু আনিবলৈ বুলি যাওতে টীয়ক পৰ্বতীয়া গাঁৱৰ ব্যক্তিজনৰ পথাৰৰ মাজত ছিঙি পৰি থকা বিদ্যুৎ পৰিবাহী তাঁৰত লাগি মৃত্যু হোৱা ঘটনাৰ পাছত বিদ্যুৎ বিভাগৰ বিষয়া,কৰ্মচাৰীৰ বিৰুদ্ধে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে ৰাইজে।ঘটনাটো সংঘটিত হোৱা প্ৰায় ডেৰ ঘন্টাৰ পাছত বিদ্যুৎ বিভাগ আৰু আৰক্ষী উক্ত স্হানত উপস্থিত নোহোৱাত ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে।

Post a Comment

Previous Post Next Post