meta name="facebook-domain-verification" content="2u20w3a5eu94ehyno1esmjlvzzz165" /> ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি টীয়ক আৰক্ষী থানাত এজাহাৰ দাখিল

ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি টীয়ক আৰক্ষী থানাত এজাহাৰ দাখিল

ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি টীয়ক আৰক্ষী থানাত এজাহাৰ দাখিল

TEOK:কৃষক নেতা অখিল গগৈৰ মুক্তিৰ লগতে সু স্বাস্থ্যৰ কামনাৰে সমগ্ৰ অসমৰ ৰাইজে প্ৰাৰ্থনাৰ লগতে উপযুক্ত চিকিৎসা প্ৰদানৰ দাবী উত্থাপন কৰি থকাৰ সময়তে যোৰহাট জিলাৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি কাকজান শাখা আঞ্চলিক সমিতিৰ সম্পাদক ইন্দুকমল ভূঞাৰ এটা ফেচবুক প'ষ্টত কমেণ্টত ‘Bjp Sushant’ নামৰ গুজৰাটৰ গান্ধীনগৰৰ নিবাসী বুলি উল্লেখ থকা আৰু বিজেপি দলৰ সদস্য বুলি উল্লেখ থকা এটা ফেচবুক প্ৰফাইলৰ পৰা অখিল গগৈক এনকাউণ্টাৰ কৰি হত্যা কৰাৰ ভাবুকি প্ৰদান কৰে৷ অখিল গগৈক হত্যা কৰাৰ ভাবুকি প্ৰদানে অসমবাসীৰ লগতে অখিল গগৈৰ পৰিয়ালক সংকিত কৰি তুলিছে। সেয়ে উক্ত একাউন্টৰ গৰাকীক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰি উপযুক্ত শাস্তি বিহাৰ দাবীৰে টীয়ক আৰক্ষী থানাত কাকজান আঞ্চলিক ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি ধ্ৰুৱজ্যোতি চাংমাই আৰু সম্পাদক ইন্দুকমল ভূঞাৰ স্বাক্ষৰ সম্বলিত এখন এজাহাৰ প্ৰদান কৰিছে।

Post a Comment

Previous Post Next Post