meta name="facebook-domain-verification" content="2u20w3a5eu94ehyno1esmjlvzzz165" /> গোৱালপাৰা জিলাৰ জলেশ্বৰৰ ৰাজমিতাত হাহাকাৰ পৰিস্থিতি।

গোৱালপাৰা জিলাৰ জলেশ্বৰৰ ৰাজমিতাত হাহাকাৰ পৰিস্থিতি।

গোৱালপাৰা জিলাৰ জলেশ্বৰৰ ৰাজমিতাত হাহাকাৰ পৰিস্থিতি


বানৰ কোঁবাল সোঁতত উটি গৈছে কেইবাটও পৰিয়ালৰ ঘৰ দুৱাৰ। ইতিমধ্যে গৃহহীন ৫/৬ টা পৰিয়াল। কিন্তু খবৰ নাই জিলা প্ৰশাসন অথবা সাংসদ বিধায়কৰ। উল্লেখযোগ্য যে চিলাৰভিটাৰ ভগ্ন মথাউৰিৰ ঠায়েদি বানৰ কোঁৱাল সোঁত প্ৰৱেশ কৰি ৰাজমিতাত উটুৱাই নিছে গড়কাপ্তানী পথ। ফলত ভয়াৱহ দূৰ্যোগৰ সন্মুখীন হৈছে ৰাজমিতা চুলাৰচৰপাৰা গাওঁৰ ৰাইজ। বানৰ কোঁৱাল সোঁত প্ৰৱেশ কৰি চৰম সংহাৰৰ সৃষ্টি কৰিছে গাঁওখনত। আতংকিত হৈ পৰিছে সমগ্ৰ গাঁওবাসী । কিন্তু বৰ্তমানলৈকে খবৰ নাই স্হানীয় বিধায়ক চাহাব উদ্দিন আহমেদ সাংসদ বদৰুদ্দিন আজমলৰ। আনফালে জিলা প্ৰশাসনে ও লোৱা নাই ব্যৱস্হা। যিকোনো সময়ত পৰিস্থিতি অধিক জটিল আশংকাত শংকিত হৈ পৰিছে গাঁওবাসী। এনে অৱস্থাত চৰকাৰ অথবা প্ৰশাসনে ব্যৱস্হা গ্ৰহণ নকৰিলে অধিক জটিল পৰিস্থিতি সৃষ্টি পাৰে ৰাজমিতাত।

Post a Comment

Previous Post Next Post