নগা আগ্ৰাসনৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ প্ৰতিবাদ কৰি চাইকেলেৰে টীয়কৰ সভালৈ আহি মুখ্যমন্ত্ৰীক প্ৰদান কৰিলে স্মাৰক পত্ৰ ৰূপজ্যোতিয়ে

নগা আগ্ৰাসনৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ প্ৰতিবাদ কৰি চাইকেলেৰে টীয়কৰ সভালৈ আহি মুখ্যমন্ত্ৰীক প্ৰদান কৰিলে স্মাৰক পত্ৰ ৰূপজ্যোতিয়ে

Teok:অসমৰ  জাতি মাটি আৰু ভেটি বচোৱাৰ অংগীকাৰ কৰি শাসনৰ গাদী দখল কৰিবলৈ সক্ষম হৈছিল বিজেপি চৰকাৰে।সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰ খনে পৰিবৰ্তনৰ ঢাক ঢোল বজাই অতিক্ৰম কৰিলে প্ৰায় চাৰি টাকৈ বছৰ।কিন্তু কোনো ঠাইতে দেখা নাপালে কোনো পৰিৱৰ্তন, মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে।মৰিয়নি সমষ্টি যিহেতু অসম আৰু নগালেণ্ড সীমান্তত অৱস্থিত গতিকে সময়ে সময়ে হৈ থাকে নগাৰ আগ্ৰাসন।কিন্তু এই অভিযোগ বহু বাৰ অসম চৰকাৰক জনাই ও কোনো সমাধান নাপালে মৰিয়নি সমষ্টিৰ বিধায়ক গৰাকীয়ে।গতিকে আজি চাইকেল চলাই এক প্ৰতিবাদ কৰি সুদূৰ মৰিয়নি ৰ পৰা টীয়ক ৰ এখন  সভালৈ আহিল বিধায়ক গৰাকী।আজি টীয়ক সমষ্টিৰ অন্তৰ্গত টীয়ক থানা খনৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰিছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বাদন সোনোৱালে।

Post a Comment

Previous Post Next Post