অৱশেষত অন্ত পৰিল এক শ্বাসৰুদ্ধকৰ পৰিস্থিতিৰ, ট্ৰেংকুলাইজ কৰি উদ্ধাৰ কৰা হ'ল পাকঘৰত আশ্ৰয় লোৱা ঢেকীয়াপতীয়া বাঘ
বুধবাৰে পুৱাৰে পৰা উদ্যান কতৃপক্ষ,চি ডব্লিউ আৰ চি আৰু জখলাবন্ধা আৰক্ষী ব্যস্ত হৈছিল বাঘটোৰ উদ্ধাৰ অভিযানত।
অৱশেষত বুধ বাৰে বিয়লি অন্ত পৰিল এক শ্বাসৰুদ্ধকৰ পৰিস্থিতিৰ । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ প্ৰকল্পৰ দাঁতিকাষৰীয়া দেওপানীৰ 37 নং ঘাইপথৰ কাষৰ প্ৰবীণ বৰাৰ পাকঘৰত মঙ্গল বাৰে নিশাৰ পৰা আশ্ৰয় লৈ আছিল এটা ঢেকীয়াপতীয়া বাঘে। বানত ককবকাই বনাঞ্চললৈ ওলাই অহা বাঘটোৱে মঙ্গলবাৰে পুৱাৰে পৰা নিশালৈকে অৱস্হান কৰিছিল দেওপানী ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিৰ জংঘলৰ মাজত । নিশা বাঘটোৱে আশ্ৰয় লয় প্ৰবীণ বৰাৰ পাকঘৰত ।বাঘৰ ভয়ত নিশা প্ৰবীণে 7 জনীয়া পৰিয়ালটোৱে ত্যাগ কৰে নিজ বাসগৃহ ।
বুধ বাৰে পুৱাৰে পৰা উদ্যান কতৃপক্ষ,চি ডব্লিউ আৰ চি আৰু জখলাবন্ধা আৰক্ষী ব্যস্ত হৈছিল বাঘটোৰ উদ্ধাৰ অভিযান । বাঘটোৱে অৱস্হান লোৱা স্হানৰ ওচৰ-চুবুৰীয়া ৰাইজৰ হানি-বিঘিনি নোহোৱাকৈ বাঘটো উদ্ধাৰৰ চেষ্টা চলাই কতৃপক্ষই। প্ৰথমে প্ৰবীণ বৰাৰ টিনত উঠি বাঘটোৱে অৱস্হান কৰা পাকঘৰত ফটকা ফুটাই বাঘটো খেদি পঠিয়াৱলৈ চেষ্টা কৰে বন বিভাগে। সেই চেষ্টা বিফল হোৱাৰ পিছত বাঘটোক ট্ৰেংকুলাইজ কৰে চি ডাব্লিউ আৰ চি চিকিত্সকৰ দলটোৱে । তাৰ পিছতে অচেতন অৱস্হাতত উদ্ধাৰ কৰে বাঘটোক।

Tags
অসমীয়া বাতৰি