বিধায়ক শিলাদিত্যৰ বিজেপিৰ পৰা পদত্যাগ
বহু বিতৰ্কিত আৰু বহু বল্কী বিধায়ক শিলাদিত্য দেৱে এৰিছে বিজেপি। মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ৰাজ্যিক বিজিপৰ সভাপতি ৰঞ্জিত দাসক ইতিমধ্যে তেওঁৰ পদত্যাগৰ কথা জনোৱা বুলি জানিব দিয়ে। অৱশ্যে অহা ১৪ জুলাইত আনুষ্ঠানিক ভাৱে পদত্যাগ কৰিব বুলি তেওঁ এক সংবাদ মেলত ঘোষণা কৰে ৷
দলীয় ভিতৰচ’ৰাত হোৱা খাম খেয়ালিৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি বিধায়ক গৰাকীয়ে প্ৰচাৰ চলালেও দলীয় ভিতৰচ’ৰাত বিধায়ক গৰাকীৰ ভূমিকাকলৈ ইতিপূৰ্বেই সৰৱ চৰ্চা চলিছিল।
আনকি চ’ছিয়েল মিডিয়াতো বিধায়কগৰাকীয়ে নিজ দলৰ একাংশ নেতাৰ বিৰুদ্ধে ইঙ্গিতপূৰ্ণভাৱে কিছু মন্তব্য কৰাও দেখিবলৈ পোৱা যায়। এনে পৰিস্থিতিত শাসকীয় পক্ষৰ এই বিধায়ক গৰাকীয়ে দল এৰাৰ এই সিদ্ধান্তই বিজেপিৰ ভিতৰচ’ৰাত দলীয় অসন্তোষ্টীয়ে কি ৰূপ ধাৰণ কৰিছে তাৰেই এখন ছবি দাঙি ধৰে।

Tags
অসমীয়া বাতৰি