meta name="facebook-domain-verification" content="2u20w3a5eu94ehyno1esmjlvzzz165" /> কলিয়াবৰৰ এখন বিদ্যালয়ৰ চৌহদত উত্তপ্ত পৰিস্থিতি

কলিয়াবৰৰ এখন বিদ্যালয়ৰ চৌহদত উত্তপ্ত পৰিস্থিতি

কলিয়াবৰৰ এখন বিদ্যালয়ৰ চৌহদত উত্তপ্ত পৰিস্থিতি
কলিয়াবৰৰ এখন বিদ্যালয়ৰ চৌহদত উত্তপ্ত পৰিস্থিতি । এই উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰে শিশুৰ পৰা বৃদ্ধলৈ।লকডাউনৰ সময়ত ছাত্র- ছাত্ৰীৰ ববে অহা চাউল প্ৰধান শিক্ষয়িত্ৰী গৰাকীয়ে বিতৰণ কৰাৰ পৰিবৰ্তে বিদ্যালয়ৰ ৰুমৰ ভিতৰত তলা মাৰি থোৱাৰ বাবেই সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি । ঘটনাটো সংঘটিত হয় কলিয়াবৰ শিক্ষা খণ্ডৰ অন্তৰ্গত লক্ষণাবন্ধা প্ৰাথমিক বিদ্যালয়ত ।প্ৰধান শিক্ষয়িত্ৰী সবিতা ৰাণী বিশ্বাসৰ বিৰুদ্ধে গুৰুত্বৰ অভিযোগ অভিভাৱকৰ লগতে ছাত্ৰ ছাত্ৰীৰ ।প্ৰধান শিক্ষয়িত্ৰী গৰাকীয়ে তিনিটা কিস্তিত বিদ্যালয় খনৰ নামত আবন্টিত হোৱা চাউল উঠাইছিল যদিও প্ৰথম কিস্তিত ছাত্ৰ ছাত্ৰী সকলক ১ কিলো ২০০ গ্ৰামকৈ চাউল বিতৰণ কৰিয়েই বাকী দুটা কিস্তিৰ চাউল আৰু ধন আত্মসাৎ কৰাৰ অভিযোগ উঠিছে । ইয়াৰ উপৰিও বিদ্যালয় খনৰ ছাত্র ছাত্ৰী সকলে প্ৰধান শিক্ষয়িত্ৰী গৰাকীৰ বিৰুদ্ধে  ক্ষোভ প্ৰকাশ কৰে। ইয়াৰ পিছতে উত্তেজিত অভিভাৱকসকলে চাউল বিচাৰি বিদ্যালয়ত প্ৰৱেশ কৰাৰ খবৰ লাভ কৰি প্ৰধান শিক্ষয়িত্ৰী গৰাকী পেদেল মাৰি মাৰি পালেহি বিদ্যালয়। কিন্তু সাংবাদিকক দেখি পুনৰ পলায়নৰ চেষ্টা বাইদেউৰ।

Post a Comment

Previous Post Next Post