২০২১ সমাগত বিধানসভা নিৰ্বাচন। কোন দলৰ প্ৰাৰ্থিত্ব কাৰ কপালত

২০২১ সমাগত বিধানসভা নিৰ্বাচন। কোন দলৰ প্ৰাৰ্থিত্ব কাৰ কপালত


ভূৰবন্ধা ৬ জুলাই:আগন্তক ২০২১ ৰ বিধান সভা নিৰ্বাচনৰ  বাবে লাহৰীঘাটত প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ ভিৰ।

২০২১চনত হব লগা অসম বিধান সভা নিৰ্বাচনৰ দিন চমু চাপি  অহাৰ লগে লগে ক্ৰমান্বয়ে গৰম হৈ পৰিছে অসমৰ ৰাজনৈতিক বতাহ। অসমৰ ‍১২৬টা বিধান সভা সমষ্টিতে  ৰাষ্ট্ৰীয় তথা অাঞ্চলিক দলে নিজৰ নিজৰ ভেটি মজবুত কৰাৰ বাবে আৰম্ভ কৰিছে কুচকাৱাচ। বৰ্তমানৰ ১২৬টা বিধানসভা সমষ্টিৰ ভিতৰত অসমৰ এটা অন্যতম সমষ্টি হৈছে লাহৰীঘাট বিধানসভা সমষ্টি ।

 ২০২১চনৰ বিধান সভা নিৰ্বাচনৰ  দিন চমু চাপি অহাৰ লগে লগে লাহৰীঘাটৰ ৰাজনৈতিক বতাহ অধিক গৰম হৈ পৰিছে।এসময়ৰ অসম  চৰকাৰৰ প্ৰাক্তন  মন্ত্রী তথা পাচঁবাৰকৈ লাহৰীঘাট বিধান সভা সমষ্টিৰ পৰা বিধায়ক হোৱা ডাক্তৰ নজৰুল ইছলামৰ অসুস্থতাৰ সুযোগ বুজি প্ৰাৰ্থিত্বপ্ৰত্যশীয়ে ভিৰ কৰিছে লাহৰীঘাট সমষ্টিত। দীৰ্ঘদিন ধৰি কংগ্ৰেছৰ দখলত থকা এই সমষ্টিটো প্ৰতিটো দলেই যিকোনো কৌশলেৰে নিজৰ দখলত নিয়াৰ বাবে প্ৰস্তুত কৰিছে মাষ্টাৰ প্লেন।

ইফালে শাসকীয় দল   ভাৰতীয় জনতা পাৰ্টীৰ তথা মিত্ৰজোতেও সমষ্টিটো দখলৰ বাবে ব্যাপক প্ৰচেষ্টা কৰিছে। লাহৰীঘাট সমষ্টিৰ পৰা টিকট পোৱা বাবে শাসকীয় দল ভাৰতীয় জনতা পাৰ্টী লগতে মিত্ৰজোটৰ দল অসম গণ পৰিষদৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী সকলেও সমষ্টিটো দখলৰ বাবে চেষ্টা অব্যাহত ৰাখিছে। এই ক্ষেত্ৰত ভাৰতীয় জনতা পাৰ্টী প্ৰাৰ্থীত্ব প্ৰত্যাশী  দৌৰত আছে

নিৰ্মল কোঁৱৰ, নুৰুল হুদা,আৰু শংকৰ বছুমতাৰি।এই কেই গৰাকী ভিতৰত এজন বৰ্ত্তমান  মৰিগাঁও জিলা ভাৰতীয় জনতা পাৰ্টী (BJP)সাধাৰণ সম্পাদক নিৰ্মল কোঁৱৰ।নিৰ্মল কোঁৱৰ বৰ্ত্তমান  সমষ্টিটোৰ এগৰাকী জেষ্ঠ বিজেপি নেটা হোৱা লগতে জিলা সমিতি সাধাৰণ সম্পাদকৰ দায়িত্বত আছে।ইয়াৰ আগতে তেওঁ সমষ্টিটোত এক জটিল সময়ৰ দলটো যুৱ মৰ্চাৰ  পৰা  আৰম্ভ কৰি বিভিন্ন সময়ত বিভিন্ন দায়িত্বত থাকি দলৰ হৈ কাম কৰা লগতে দলক নেতৃত্ব দিয়া লগতে এটা জটিল সময়ত সমষ্টিটোত দলৰ অস্তিত্ব জীৱাই ৰখা স্বাৰ্থত দলৰ পৰা নিৰ্দেশত ২০০৭ চনত পঞ্চায়ত নিৰ্বাচনত অংশ গ্ৰহণ কৰিছিল। আৰু পৰবৰ্ত্তী সময়ত জিলা সমিতি সম্পাদক  আৰু এতিয়া জিলা সমিতি সাধাৰণ সম্পাদক দায়িত্ব নিস্তাৰে প্ৰালন কৰি আছে।

আনফালে সমষ্টিটোত সংকতৰ সময়ত ২০০১ চনত ভাৰতীয় জনতা পাৰ্টী পৰা নিৰ্বাচন অংশ গ্ৰহণ কৰি কংগ্ৰেছ জেষ্ঠ নেটা তথা প্ৰাক্তন মন্ত্ৰী নজৰুল ইছলামৰ বিৰুদ্ধে মাত্ৰ ৬ হাজাৰ ভোটত পৰাজিত হোৱা বৰ্ত্তমান  সমষ্টিটো সকলোৱে চিনাকি সমাজ কৰ্মী নুৰুল হুদাৰো দলীয় বিজেপিৰ পৰা টিকট পোৱাৰ সম্ভাৱনা আছে । এইগৰাকী নুৰুল হুদা বিশিষ্ট ব্যৱসায়িক তথা  এজন সমাজ সেৱকো।বিগত সময়ত সমষ্টিটো ৰাইজৰ বিভিন্ন সংকতৰ সময়ত তেনেই ওছৰৰ পৰা ৰাইজক সেৱা কৰি আহিছে ।যাৰ ফলত দলীয় বহু লোকে তেওঁৰ প্ৰাৰ্থীত্ব পোৱাটো কামনা কৰে।

ভাৰতীয় জনতা পাৰ্টীৰ পৰা লাহৰীঘাট বিধানসভা সমষ্টিৰ পৰা টিকট পোৱাৰ সম্ভাৱনা আছে শংকৰ বসুমতাৰীৰ। এইগৰাকী শংকৰ বসুমতাৰী হল লাহৰীঘাট মণ্ডল বিজেপিৰ, সভাপতি ।

এই মুহূৰ্তত কংগ্ৰেছ দলৰ  প্ৰাৰ্থিত্বপ্ৰত্যাশী সকল হল ক্ৰমে ইমদাদ হুছেইন,ডা:নজৰুল ইছলাম,ইছমে আৰা বেগম,কাদিৰুজ জামান জিন্না,এম জি আদিল সহ আৰু দুই এজন।

কংগ্ৰেছ দলে এইবাৰ যুৱ প্ৰাৰ্থীত্বক অগ্যধীকাৰ দিয়াক চাই এই সকলৰ ভিতৰত প্ৰাৰ্থীত্ব প্ৰত্যাশীৰ দৌৰত আগবাঢ়ি আছে যুৱ প্ৰাৰ্থী তথা অসম প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ ইমদাদ হুছেইন। শিক্ষা জীৱনৰ পৰা ৰাজনীতিত জড়িত এই গৰাকী ইমদাদ হুছেইনে  কংগ্ৰেছ দলৰ ছাত্ৰ সংগঠনৰ পৰা আৰম্ভ কৰি বিভিন্ন সময়ত দলৰ বিভিন্ন দায়িত্ব নিস্তাৰে প্ৰালন কৰি বৰ্ত্তমান নিখিল  ভাৰত কংগ্ৰেছ কমিটি সদস্য হিছাপে কাৰ্য্যনিৰ্বাহ কৰি থকা লগতে বৰ্ত্তমান অসম প্ৰদেশ কংগ্ৰেছ কমিটি মুখপাত্ৰ দায়িত্বও নিস্তাৰে প্ৰালন কৰি আছে।এই ক্ষেত্ৰত তেওঁ দলীয় তৃণমুল কৰ্মী পৰা নিখিল ভাৰত কংগ্ৰেছ কমিটি শীৰ্ষ  সমিতি লোক সকলৰ লগতে ৰাহুল গান্ধি লগতো সু সম্পৰ্ক আছে।এই ক্ষেত্ৰত তেওঁ সহজে দলৰ টিকতো পোৱা সম্ভৰ্বনা নুই কৰিব নোৱাৰি।
দ্বিতীয়তে প্ৰাৰ্থীত্বৰ দৌৰত আছে ডাক্তৰ নজৰুল ইছলাম, প্ৰাক্তন মন্ত্রী তথা বৰ্তমানৰ লাহৰীঘাট সমষ্টিৰ বিধায়ক ।১৫ বছৰ সমষ্টিটো দখল কৰি থকা এই গৰাকী দলৰ জেষ্ঠ নেটা তথা শক্তি শালী প্ৰাক্তন মন্ত্ৰী নজৰুল ইছলামেও হয়টো পোনৰ প্ৰাৰ্থীত্ব পাব পাৰে।আনফালে বয়ষ বাঢ়ি অহা লগতে ১৫ বছৰে সমষ্টিটো বিশেষ উন্নয়ন কৰিব নোৱাৰা বাবে একাংশই নজৰুল ইছলামৰ বিৰুদ্ধে মুকলিকৈ বিৰুদ্ধাচৰন কৰে।
তৃতীয়তে প্ৰাৰ্থীত্ব প্ৰত্যাশী হল কাদিৰুজ জামান জিন্নাহ ।এইগৰাকী কাদিৰুজ জামান হল প্ৰাক্তন জিলা বন বিষয়া।

চতুৰ্থতে টিকট পোৱাৰ সম্ভাৱনা ফাৰুক ৰহমান খান, ফাৰুক ৰহমান হল এজন প্ৰৱক্তা।


পঞ্চমতেএম জি  অাদিল, এই গৰাকী M G আদিল হল লাহৰীঘাট উন্নয়ন খণ্ডৰ প্ৰাক্তন BDO

তাৰ পাছতে কংগ্ৰেছৰ পৰা টিকট পোৱাৰ সম্ভাৱনা ইচমে আৰাৰ। এইগৰাকী ইচমে আৰা জিলা পৰিষদৰ সদস্য।

ইফালে কংগ্ৰেছৰ পৰা লাহৰীঘাট সমষ্টিত টিকট পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে ডাক্তৰ শ্বিফ নাজাৰৰ।

  ইফালে AIUDF ৰ টিকট প্ৰত্যাশি সকল ক্ৰমে

ছিদ্দিক আহমেদ, সম্পাদক ৰাজ্যিক এ আই ডি এফ

আনহাতে তাৰ পাছতে আছে ৰেজাউল কৰিম, ৰেজাউল পেছাত অধিবক্তা তথা সমাজ সেৱক।

লাহৰীঘাট সমষ্টি দখলৰ বাবে ককালত টঙালি বান্ধিছে অসম গণ পৰিষদেও। যিকোনো উপায়েৰে হলেও কংগ্ৰেছৰ দখলত থকা লাহৰীঘাট বিধানসভা সমষ্টি, নিজৰ দখলত আজুৰি আনিবলৈ অগপ ই প্ৰস্তুত কৰিছে বিশেষ ৰণনীতি। অসম গণ পৰিষদৰ পৰা টিকট পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে ক্ৰমে

গুলজাৰ হুছেইন, সভাপতি লাহৰীঘাট ব্লক AGP ,লগতে গুলজাৰ হুছেইন টেঙাগুৰি সমবায় সমিতি ৰো সভাপতি।

মাৰফৎ  অালী বিশিষ্ট  সমাজ সেৱক।

যদুমণি পাটৰ, সম্পাদক
মৰিগাৱঁ জিলা এজিপি ।

লাহৰীঘাট সমষ্টিৰ  জনসাধাৰণৰ মন কোনে জয় কৰিব পাৰে অাৰু কোনে শেষ হাহি মাৰিব সেয়া সময়ত হব লক্ষনীয় ।

Post a Comment

Previous Post Next Post