meta name="facebook-domain-verification" content="2u20w3a5eu94ehyno1esmjlvzzz165" /> ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আছু গোটে টীয়ক আৰক্ষী থানাত দিলে এজাহাৰ

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আছু গোটে টীয়ক আৰক্ষী থানাত দিলে এজাহাৰ

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আছু গোটে টীয়ক আৰক্ষী থানাত দিলে এজাহাৰ

TEOK:ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এজন শিক্ষকৰ কু-কৰ্ম কাণ্ডৰ তথ্য পোহৰলৈ অহাৰ পাছতেই বিশ্ববিদ্যালয়ৰখনৰ কৰ্তৃপক্ষই শিক্ষকগৰাকীৰ বিৰোদ্ধে এজাহাৰ দাখিল কৰিছে আৰু ইতিমধ্যে ডিব্ৰুগড় আৰক্ষীয়েও অভিযুক্ত শিক্ষকজনক গ্ৰেপ্তাৰ কৰিছে।তাৰ পাছতো ফেচবুককে ধৰি বিভিন্ন ছচিয়েল মাধ্যমত এক দুষ্ট চক্ৰই শিক্ষকজনৰ কুকৰ্মৰ গইনা লৈ ঐতিহাসিক বিশ্ববিদ্যালয়খনৰ গুণ গৰিমাত কলংকৰ কালিমা সানি জণমানসত হেও প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰিছে বুলি অভিযোগ তুলি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আছু গোটৰ সভাপতি অংকুৰ প্ৰতিম গগৈৰ নেতৃত্বত আছু গোটৰ কেইবাজনো বিষয়ববীয়াই টীয়ক আৰক্ষী থানাত ছচিয়েল মিডিয়া প'ষ্ট দিয়া কেইবাটাও একাউন্টৰ বিৰোদ্ধে এজাহাৰ দাখিল কৰিছে আৰু দোষীক উপযুক্ত শাস্তি দিবলৈ প্ৰশাসনক আহ্বান জনাইছে।লগতে বিশ্ববিদ্যালয়ৰখনৰ প্ৰতি এনে বিৰোপ মন্তব্য কৰা সকলক ভবিষ্যতে তেনে মন্তব্যৰ পৰা বিৰত থাকিবলৈ সকিয়াই দিছে।
Byte:অংকুৰ প্ৰতিম গগৈ

Post a Comment

Previous Post Next Post