কৰুণা মহামাৰীৰ সময়ত কলিয়াবৰৰ ঐতিহ্য মণ্ডিত ভঁৰালী নামঘৰলৈ অত্যাধুনিক ছেনিটাইজাৰ মেচিন আগবঢ়ালে কলিয়াবৰৰ সমাজকৰ্মী সুৰেন্দ্ৰ কুমাৰ বৰঠাকুৰে

কৰুণা মহামাৰীৰ সময়ত কলিয়াবৰৰ ঐতিহ্য মণ্ডিত ভঁৰালী নামঘৰলৈ  অত্যাধুনিক ছেনিটাইজাৰ মেচিন আগবঢ়ালে কলিয়াবৰৰ সমাজকৰ্মী সুৰেন্দ্ৰ কুমাৰ বৰঠাকুৰে
  কৰুণা মহামাৰীৰ সময়ত কলিয়াবৰৰ ঐতিহ্য মণ্ডিত ভঁৰালী নামঘৰলৈ ভক্তৰ বাবে অত্যাধুনিক ছেনিটাইজাৰ মেচিন আগবঢ়ালে কলিয়াবৰৰ সমাজকৰ্মী সুৰেন্দ্ৰ কুমাৰ বৰঠাকুৰে।

কৰুণা মহামাৰীৰ এই সংকটৰ সময়ত ভক্ত সকলৰ প্ৰতি লক্ষ্য ৰাখি ভঁৰালী নামঘৰৰ নামঘৰীয়াকে ধৰি বিষয় ববীয়া ৰাইজ তথা ভক্ত সকলক কৰুণা মুক্ত কৰি ৰাখিবলৈ এই বিশেষ পদক্ষেপ গ্ৰহণ কৰে কলিয়াবৰৰ সমাজ কৰ্মী সুৰেন্দ্ৰ কুমাৰ বৰঠাকুৰে ।

আজি কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈ , সমাজ সেৱক সুৰেন্দ্ৰ কুমাৰ বৰঠাকুৰ আৰু প্ৰাক্তন মন্ত্ৰী তথা বৰ্তমানৰ চামগুৰি সমষ্টিৰ বিধায়ক ৰকিবুল হুছেইনে ভঁৰালী চুকৰ ৰাইজ আৰু যুৱ কংগ্ৰেছৰ  উপস্থিতিত এই অত্যাধুনিক ছেনিটাইজাৰ মেচিনৰ শুভাৰম্ভ কৰে।

আনহাতে এই শুভাৰম্ভ অনুষ্ঠানৰ মুকলি সভাত ভঁৰালী নামঘৰ পৰিচালনা সমতিয়ে সাংসদ গৌৰৱ গগৈক ভক্তৰ বাবে খোৱা পানীৰ সুবিধাৰ বাবে বিষয়তো প্ৰস্তাৱ আগবঢ়াই আৰু সাংসদ গৌৰৱ গগৈয়ে নিজৰ সাংসদ পুঁজিৰ পৰা দুই লাখ টকা আৰু বিধায়ক ৰকিবুল হুছেইনে এক লাখ টকাৰ আৰ্থিক সাহায্য ঘোষণা কৰে।

কলিয়াবৰৰ পৰা অপূৰ্ব বৰা  ৰিপৰ্ট,

Post a Comment

Previous Post Next Post