গধাইমাৰি পঞ্চায়তৰ পথৰ জৰাজীৰ্ণ অৱস্থা

গধাইমাৰি পঞ্চায়তৰ পথৰ জৰাজীৰ্ণ অৱস্থা 


নগাঁও জিলাৰ জুৰিয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত গধাইমাৰি গাঁও পঞ্চায়তৰ চোকে কোনে থকা ৰাস্তা সমূহৰ অৱস্থা দ, পুখুৰী সদৃশ নিচিনা, ৰাস্তাৰ মাজত ঘাতসমূহত বৰষুণ পৰিলে এক আঠু পানী জমা হৈ থাকে।আৰু প্ৰায়েই দূৰ্ঘটনা হয়,   কোনো গাডী সোমাব নোৱাৰে এম্বুলেঞ্চ,ফায়াৰ বেগেইট গাড়ী, ডেলা, ৰিক্সা, আদি সোমাব নোৱাৰে। যাৰ ফলত বাৰিষা কালত এই অঞ্চলৰ মানুহে বেমাৰী চাৰি পাঁচ জনে কান্ধত তুলি লৈ যায়।
এই ৰাস্তা টো আদা কাম কৰি এনে অৱস্থা কৰি পেলাই থৈছে নিতৌ ৮ টাৰ পৰা ১০ টা মাছৰ গাড়ী শিৱসাগৰ, তিনিচুকীয়া, আৰু ডিব্ৰুগড়লৈ গৈছিল। বৰ্তমান  জৰাজীৰ্ণ ৰাস্তাৰ বাবে মাছ তথা মীন পালন কৰা লোক সকল মাছৰ ৰপ্তানী আমদানি কৰিব নোৱাৰাৰ ফলত এক অৰ্থনৈতিক সংকটত পৰিছে এই অঞ্চলৰ ৰাইজ। বিষেশ কৈ গধাইমাৰি, শিঙিয়া পথাৰ, কান্দুলিমাৰি, বৰুনগুৰি, আদি অঞ্চলৰ ৰাইজে এই ৰাস্তাৰ পৰা যমৰ যাতনা ভুগিবলগীয়া হৈছে | ৰাইজে এতিয়া ৰুপহিহাটৰ স্থানীয়  বিধায়ক নুৰুল হোধাক অনুৰোধ জনাই যে ৰাস্তাসমূহ অতি সোনকালে  মেৰামতি কৰি দিবলৈ ৰাইজে দাবী জনাইছে

Post a Comment

Previous Post Next Post