সদ্য ঘোষিত দ্বাদশ শ্ৰেণীৰ চুড়ান্ত পৰীক্ষাৰ ফলাফলত একেবাৰে দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰী সুখী ছেত্ৰীৰ ছেত্ৰীয়ে ড্ৰিষ্টিংশ্যন লাভ কৰি ৯২% নম্বৰ লাভৰে মধ্য অসমৰ অগ্ৰণী শিক্ষা প্ৰতিষ্ঠান ৰিজ'নেন্স বিদ্যাপীঠৰ কঢ়িয়াই আনিছে গৌৰৱ
মধ্য অসমৰ অগ্ৰণী শিক্ষা প্ৰতিষ্ঠান ৰিজ'নেন্স বিদ্যাপীঠৰ মেধাবী ছাত্ৰী সুখী ছেত্ৰীৰ ৯২% নম্বৰ লাভৰে কঢ়িয়াই আনিছে গৌৰৱ । সদ্য ঘোষিত দ্বাদশ শ্ৰেণীৰ চুড়ান্ত পৰীক্ষাৰ ফলাফলত একেবাৰে দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰী সুখীয়ে ড্ৰিষ্টিংশ্যন লাভ কৰি ৰহাস্হিত এই শিক্ষা প্ৰতিষ্ঠান আৰু নিভৃত টকলা টুপ গাঁৱলৈ গৌৰৱ কঢ়িয়াবলৈ সক্ষম হৈছে । ফলত মধ্য অসমৰ তথা ৰহাস্হ এই ব্যক্তিগত শিক্ষা প্ৰতিষ্ঠানৰ অধ্যক্ষ ধ্ৰুৱজ্যোতি হাজৰিকাৰ প্ৰমুখ্যে বিদ্যাপীঠৰ এটা শিক্ষক শিক্ষয়িত্ৰী দলে পিতৃহীনা মেধাবী ছাত্ৰী সুখী ছেত্ৰীৰ টকলাটুপ গাঁৱৰ এইটো বাসগৃহলৈ আহি সম্বৰ্দ্ধনা জনাই । উল্লেখযোগ্য যে ৰিজ'নেন্স বিদ্যাপীঠ এই শিক্ষক শিক্ষয়িত্ৰী দলটোৱে বিদ্যাপীঠখনৰ এশ শতাংশ উত্তীৰ্ণৰ ধাৰাবাহিকতা আৰু সৰ্বাধিক ৯২% শতাংশ নম্বৰ প্ৰাপ্তিৰে সুনাম অৰ্জন কৰিবলৈ সক্ষম হোৱাৰ বাবে আনৰ ঘৰত দিন হাজিৰা কৰি পিতৃৰ অবিহনে সকলো ধৰণৰ দ্বায়িত্ব মূৰপাতি লৈ পঢ়োৱাৰ বাবে মাতৃ সীতামাই ছেত্ৰীক গামোচাৰে আদৰণি জনাই নগদ আঠ হাজাৰ টকা আগবঢ়াই ।
আনহাতে একেবাৰে পিছপৰা গাঁও খনলৈ গৈ শিক্ষক শিক্ষয়িত্ৰীসকলে আদৰণি জনাই নগদধন আৰু ভৱিষ্যত অধ্যয়নৰ বাবে বিদ্যাপীঠখন দায়িত্ব লোৱাত ধন্যবাদ জনাই কয় যে উৰুখা পঁজাত থাকি এই ফলাফল লাভ কৰিবলৈ সক্ষম হোৱাৰ আঁৰত মাতৃ সীতামাই ছেত্ৰী, শিক্ষাপ্ৰতিষ্ঠানখনৰ অধ্যক্ষ ধ্ৰুৱ জ্যোতি হাজৰিকা আৰু শিক্ষক শিক্ষয়িত্ৰীক কৃতজ্ঞতা জ্ঞাপন কৰে।
ইফালে স্বামীৰ অবিহনে সুখীৰ এবছৰ বসয়তে পিতৃ মৃত্যুৰ হোৱাৰ পাছত পৰা আনৰ পথাৰত ভূঁই ৰুই বা ধান দাই অশেষ কষ্টেৰে পঢ়োৱা মাতৃ সীতামাই চকু সেমেকাই কলে। ৯২% নম্বৰ লাভ কৰাৰ বাবে সুখী যদিও স্হান লাভৰ পৰা বঞ্চিত হোৱা দুখটো থাকি গল।আজি সুখীৰ দেউতাক থকা হলে সুখ দুগুণ হলহেঁতেন ।

Tags
অসমীয়া বাতৰি