সাংবাদিক গ্ৰেপ্তাৰৰ প্ৰতিবাদত টীয়কত অৱস্থান ধৰ্মঘট ,বিনা চৰ্তত মুক্তিৰ দাবী

সাংবাদিক গ্ৰেপ্তাৰৰ  প্ৰতিবাদত  টীয়কত অৱস্থান ধৰ্মঘট ,বিনা চৰ্তত মুক্তিৰ দাবী 

TEOK: বনজ সম্পদ লুণ্ঠন আৰু গৰু সৰবৰাহৰ ছিণ্ডিকেট চলোৱাৰ অভিযোগৰ ভিত্তিত বাতৰি সম্প্ৰচাৰ কৰি ৰোষত পৰিল ধুবুৰীৰ এজন সাংবাদিক । ৰাজীৱ শৰ্ম্মা নামৰ সাংবাদিক জনে এটি ছিণ্ডিকেট চক্ৰৰ বাতৰি ধাৰাবাহিক ভাবে প্ৰচাৰ চলাইছিল। তাতে লজ্জাবোধ কৰি ৰয় উপাধিৰ এজন DFO ই দিয়া এজাহাৰৰ ভিত্তিত শৰ্মাক ৰাতি 2 বজাত গ্ৰেপ্তাৰ কৰা কাৰ্যক জাঙুৰ খাই উঠিছে অসমৰ সাংবাদিক মহল। আসাম প্ৰেছ ক'ৰেচস্পণ্ডেণ্ট ইউনিয়ন যোৰহাট জিলা সমিতি আৰু টীয়ক প্ৰেছ ক্লাৱে টীয়কৰ মাজ মজিয়াত অৱস্থান ধৰ্মঘট পালন কৰাৰ লগতে চক্ৰ বিষয়াৰ যোগেদি জিলা উপায়ুক্তলৈ এক স্মাৰক পত্ৰ প্ৰদান কৰে । সাংবাদিক সকলে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ওপৰত হোৱা এনে ঘটনাৰ তীব্ৰ নিন্দা কৰাৰ লগতে সাংবাদিকৰ জীৱনৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ দাবী জনাইছে

Post a Comment

Previous Post Next Post