টীয়কৰ কলীয়াপানীত আৰু দুজন কভিড পজিটিভ

টীয়কৰ কলীয়াপানীত আৰু দুজন কভিড পজিটিভ
TEOK:টীয়কৰ কলীয়াপানী অঞ্চলৰ ৪১ বছৰীয়া বিৰিঞ্চি বৰদলৈ আৰু ১৩ বছৰীয়া অনামিকা বৰদলৈৰ দেহত কৰ'ণা পজিটিভ ধৰা পৰা ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চ্যলৰ সৃষ্টি হৈছে। সমন্ধত তেওঁলোক পিতৃ আৰু জীয়াৰী।প্ৰাপ্ত তথ্য মতে যোৱা ১০ জুলাইত সুদুৰ  হায়দৰাবাদ পৰা অসমলৈ বিমান যোগে আহিছিল সেনাবাহিনীত কৰ্মৰত বিৰিঞ্চি বৰদলৈ,তেওঁৰ পৰিবাৰ আৰু দুই সন্তান, যোৰহাটত স্বাৱ প্ৰদান কৰি হোম কোৱাৰেন্টাইনত আছিল পৰিয়ালটি।অৱশ্যে এতিয়ালৈকে পত্নী আৰু পুত্ৰৰ কভিড স্বাৱ পৰীক্ষাৰ ফলাফল অহা নাই।ইতিমধ্যে স্বাস্থ্য বিভাগৰ এটা দলে ফলাফল অহা দেউতাক- জীয়েকক যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছে।

Post a Comment

Previous Post Next Post