অবশেষত নিশ্চিহ্ন হল গোৱালপাৰা জিলাৰ লক্ষীপুৰৰ চিলাৰভিটাৰ মথাউৰি

অবশেষত নিশ্চিহ্ন হল গোৱালপাৰা জিলাৰ লক্ষীপুৰৰ চিলাৰভিটাৰ মথাউৰি


অবশেষত নিশ্চিহ্ন হল গোৱালপাৰা জিলাৰ লক্ষীপুৰৰ চিলাৰভিটাৰ মথাউৰি। উন্মুক্ত ঠায়েদি বৈছে কোৱাল সোত। উটূৱাই লৈ গৈছে বহু ঘৰ-দুৱাৰ, খেতি বাতি। চৌদিশে হাহাকাৰ পৰিস্থিতি।আতংকিত শতাধিক গাঁওৰ ৰাইজ। পৰিস্থিতি অধিক হোৱাৰ সম্ভাৱনা।খবৰ নাই জিলা প্ৰশাসনৰ।খবৰ নাই সাংসদ বিধায়কৰ। হাই এলাৰ্ট জাৰি।
 গোৱালপাৰা জিলাৰ লক্ষীপুৰ ৰাজহ চক্ৰৰ চিলাৰভিটাত ছিগিল মথাউৰি । নিশ্চিহ্ন হল বান নিয়ন্ত্ৰণ মন্ত্ৰী কেশৱ মহন্তই পৰিদৰ্শন কৰা মথাউৰি। লক্ষীপুৰ ৰাজহ চক্ৰ তথা জলেশ্বৰ সমষ্টিৰ লক্ষাধিক লোকলৈ নামি আহিল ভয়ংকৰ দূৰ্যোগ। ভগ্ন মথাউৰিৰ ঠায়েদি বৈছে তীব্ৰ সোঁত । বানপানীৰ কোঁৱাল সোঁতে উটুৱাই নিছে বহু লোকৰ ঘৰ-দুৱাৰৰ লগতে বিস্তীৰ্ণ অঞ্চলৰ খেতি-বাতি। গৃহহীন হৈছে শ শ পৰিয়াল। জলমগ্ন হৈছে ন ন অঞ্চল।

Post a Comment

Previous Post Next Post