meta name="facebook-domain-verification" content="2u20w3a5eu94ehyno1esmjlvzzz165" /> কাৰাৰূদ্ধ অখিল গগৈৰ মাতৃৰ কাষত বিধায়ক নুৰুল হুদা

কাৰাৰূদ্ধ অখিল গগৈৰ মাতৃৰ কাষত বিধায়ক নুৰুল হুদা

কাৰাৰূদ্ধ অখিল গগৈৰ মাতৃৰ কাষত  বিধায়ক নুৰুল হুদা


TEOK: ৰাষ্ট্ৰদ্ৰোহৰ আপৰাধৰ বিগত প্ৰায় ৭ টা মাহ কাৰাৰুদ্ধ হৈ থকা কৃষক নেতা অখিল গগৈৰ ৰোগগ্ৰস্ত মাতৃৰ শাৰীৰিক অবস্থাৰ বুজ লবলৈ যোৰহাট জিলাৰ চেলেংহাট লুখুৰাখনস্থিত কৃষক নেতা জনৰ  ঘৰত ৰূপহীহাট সমষ্টিৰ কংগ্ৰেছী বিধায়ক নুৰুল হুদা উপস্থিত হৈ নেতাগৰাকীৰ বৃদ্ধা অসুস্থ মাতৃৰ প্ৰিয়দা গগৈৰ স্বাস্থ্যৰ বুজ লয় আৰু আৰ্থিক সাহাৰ্য আগবঢ়ায়।লগতে কংগ্ৰেছৰ বিধায়কগৰাকীয়ে তেওঁলোকৰ দলে অখিল গগৈৰ মুক্তি প্ৰদানৰ ক্ষেত্ৰত ন্যায়িকভাবে সকলো ধৰণৰ সহযোগিতা আগবঢ়াব বুলি মাতৃক আশ্বাস দিয়ে। উল্লেখযোগ্য যে কৃষক নেতাগৰাকীৰ ঘৰৰ পৰাই অসমৰ মুখ্যমন্ত্ৰীক মাতৃৰ মৰ্ম বেদনা অনুভৱ কৰি অনতি পলমে কৃষক নেতা অখিল গগৈক মুক্তি দিবলৈ আহ্বান জনায়।

Post a Comment

Previous Post Next Post