meta name="facebook-domain-verification" content="2u20w3a5eu94ehyno1esmjlvzzz165" /> টীয়কৰ কালেশ্বৰ ওৰাংৰ মৃত্যুৰ তদন্তৰ দাৱীত মৰিয়নীৰ বিধায়ক ৰূপজ্যোতিৰ অভিনৱ প্ৰতিবাদ, ওৰাংৰ চোতালৰ পৰা চাইকেল চলাই উপাযুক্তৰ হাতত স্মাৰক পত্ৰ প্ৰদান

টীয়কৰ কালেশ্বৰ ওৰাংৰ মৃত্যুৰ তদন্তৰ দাৱীত মৰিয়নীৰ বিধায়ক ৰূপজ্যোতিৰ অভিনৱ প্ৰতিবাদ, ওৰাংৰ চোতালৰ পৰা চাইকেল চলাই উপাযুক্তৰ হাতত স্মাৰক পত্ৰ প্ৰদান

টীয়কৰ কালেশ্বৰ ওৰাংৰ মৃত্যুৰ তদন্তৰ দাৱীত মৰিয়নীৰ বিধায়ক ৰূপজ্যোতিৰ অভিনৱ প্ৰতিবাদ
ওৰাংৰ চোতালৰ পৰা চাইকেল চলাই উপাযুক্তৰ হাতত স্মাৰক পত্ৰ প্ৰদান


TEOK :যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকা কালেশ্বৰ ওৰাংৰ মৃতদেহ চিকিৎসালয়ৰ পৰা প্ৰায় ১৫ কিমি দূৰৈত উদ্ধাৰ হোৱা আৰু পৰবৰ্তী সময়ত পৰিয়ালৰ লোকে মৃতদেহ মৰ্গত প্ৰত্যক্ষ কৰা ঘটনাৰ কোনো তদন্ত নোহোৱাৰ প্ৰতিবাদত বৃহস্পতিবাৰে মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে নামচেচুৰ ওৰাংৰ ঘৰৰ পৰা যোৰহাটৰ উপায়ুক্তৰ কাৰ্যালয়লৈ চাইকেল চলাই গৈ স্মাৰক পত্ৰ প্ৰদান কৰে । উল্লেখযোগ্য যে যোৱা ১০ জুন তাৰিখে টীয়কৰ নামচেচুৰ দীঘলী গাঁৱৰ এজন ৰোগী কালেশ্বৰ ওৰাংক পৰিয়ালৰ লোকে যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভৰ্ত্তি কৰোৱাৰ পাছত চিকিৎসালয় কৰ্তপক্ষই যুৱক জনক কোৱাইন্টইনত ৰখাৰ নামত পৰিয়ালৰ কোনো লোকক যোগাযোগ কৰিব নিদি পৰবৰ্তী পৰ্যায়ত ৰোগীজন হস্পিতালৰ পৰা পলাই যায় বুলি প্ৰকাশ কৰে যদিও সম্পূৰ্ণ ৮ দিনৰ অন্তত ৰোগী কালেশ্বৰ ওৰাংৰ মৃতদেহ চিকিৎসা মহাবিদ্যালয়ৰ মৰ্গত  ওলোৱাত এক চাঞ্চল্য সৃষ্টি হৈছিল সমগ্ৰ ৰাজ্যতে৷ বিভিন্ন দল সংগঠনৰ লগতে মৰিয়নী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়েও এই ঘটনাৰ তীব্ৰ প্ৰতিবাদ জনাই এক উচিত তদন্তৰ দাৱী জনাইছিল যদিও  আজি ১৫ দিন অতিক্ৰম কৰাৰ পাছতো কোনো তদন্ত আগ নবঢ়াত আজি বিধায়কজনে পুনৰ নামিচেচুস্থিত মৃত ওৰাংৰ ঘৰৰ চোতালৰ পৰা যোৰহাট উপাযুক্ত কাৰ্যালয়লৈ প্ৰায় ৩০ কিমি চাইকেল চলাই গৈ  উপায়ুক্তৰ হাতত অসমৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদান কৰিবলৈ গৈছে।

Post a Comment

Previous Post Next Post