চি,বি,এছ,ইৰ দশম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলতউজ্বলি উঠিল দিব্যাঙ্গ ৰুবিনা
জন্মান্ধ হৈও স্বাৱলম্বী হোৱাৰ সপোন দেখিছে ৰুবিনাই ।
শাৰীৰিক অক্ষমতা জীৱন বাটত হেঙাৰ নহয় সেই কথা প্ৰমাণ কৰি দেখোঁৱালে মৰিগাঁও ৰুবিনাই।
"কৃতকাৰ্য হ'বলৈ প্ৰৱল ইচ্ছাশক্তি,মনৰ দৃঢ়তা আৰু অধ্যৱসায়ৰ প্ৰয়োজন।শাৰীৰিক অক্ষমতা জীৱনত সফলতা অৰ্জনৰ হেঙাৰ হ'ব নোৱাৰে।মই স্বাৱলম্বী হ'ব বিচাৰোঁ।" --এই মন্তব্য এই গৰাকী মানসিকভাৱে অতি সবল কিশোৰীৰ।এই পৃথিৱীত শাৰীৰিক অক্ষম সকলেও যে আশাৰ সপোনক বাস্তৱায়িত কৰিব পাৰে তাৰেই নিদৰ্শন তুলি ধৰিছে
সদ্যঘোষিত কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব'ৰ্ডৰ অধীনৰ দশম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত
৯০.৬০শতাংশ নম্বৰ সহ সুখ্যাতিৰে উত্তীৰ্ণৰ গৌৰৱ কঢ়িয়াই অনা ৰুবিনা দেৱীয়ে। মৰিগাওঁ জিলাৰ হাবিবৰঙাবাৰী অঞ্চলৰ বড়িগাঁৱৰ এগৰাকী
সচেতন অভিভাৱক
মহেন্দ্ৰ নাথ আৰু অঞ্জনা দেৱীৰ একমাত্ৰ কণ্যা সন্তান ৰুবিনাক আন দহগৰাকী সক্ষম শিশুৰ দৰেই
জীৱন যুঁজত সফলতাৰে অগ্ৰসৰ হ'বলৈ অনুপ্ৰাণিত কৰি এক বিৰল আদৰ্শ দেখুৱালে। সম্প্ৰতি সমগ্ৰ বিশ্বৰ প্ৰতি প্ৰান্ততে
এনে শত-সহস্ৰ দিব্যাংগ শিশু,কিশোৰে দুৰ্বিসহ জীৱন সাৱতিব লগীয়া হোৱাৰ নজিৰ আছে।আমাৰ দেশতো এতিয়াও
বিশেষভাৱে সক্ষম সকলক উপযুক্ত মৰ্যাদা সহকাৰে জীৱন নিৰ্বাহৰ সুযোগ সুবিধা প্ৰদান কৰিব পৰা নাই।সমাজতে নহয় নিজৰ ঘৰখনতো কেতিয়াবা এলাগী হৈ ভাগ্যৰ বিড়ম্বনা বুলিয়েই জীৱন যন্ত্ৰণা সহ্য কৰিব লাগিছে।এইসকল হতভগীয়াই যেন ব্যথাভৰা জীৱনকেই সাৱতি জীৱনৰ মায়াকো নেওচিব লগীয়া পৰিস্থিতিৰ সন্মুখীন নোহোৱাকৈ থকা নাই।এই জীয়া যন্ত্ৰণাৰ বিপৰীতে একান্ত অধ্যৱসায়ী,
দৃঢ়প্ৰতিজ্ঞ, দুৰদৃষ্টিসম্পন্ন এচাম আদৰ্শ অভিভাৱকে দিব্যাংগ সন্তানটিক সুশিক্ষাৰে শিক্ষিত কৰিবলৈ মনোনিবেশ কৰাতো প্ৰকৃপক্ষেই আদৰণীয়। ই নিশ্চয়কৈ আশাৰ বতৰা কঢ়িয়াইছে। দুৰদৃষ্টিসম্পন্ন,উদ্যমী আদৰ্শ অভিভাৱক
সকলৰ শুভচিন্তনে এনেকৈ সমাজত সততে এলাগী বিকলাংগ সকলক
জীৱন যুঁজৰ সফল সৈনিকৰূপে অচিৰেই প্ৰতিষ্ঠা কৰিব।
সংগীত সূৰ্য ভূপেন হাজৰিকাই কৈ যোৱাৰ দৰে--
*"দুৰ্বল মানুহে যদি জীৱনৰ কোবাল নদী /পাৰ হয় তোমাৰে সাহত/
তুমি হেৰুৱাবানো কি?"
*"পঙ্গু মানৱক সৱল সংগ্ৰামী আৰু অগ্ৰগামী কৰি নোতোল কিয়?"
সমাজৰ অগ্ৰণী সকলৰো এই ক্ষেত্ৰত নিশ্চয়ক কৰণীয় থাকিব।দিব্যাংগ সকল সমাজৰ বাৱে কাহানিও বোজা নহয়।সুচিন্তা চেতনাৰে সমমৰ্যাদাৰে তেওঁলোককো আগুৱাই যোৱাৰ ক্ষেত্ৰত প্ৰযত্ন কৰিলেহে সমাজ খনক সুস্থ সৱল ৰূপত পাম হক।
দিব্যাংগ হৈও সক্ষমতাৰে জীৱন সজাবলৈ দৃঢ়তাৰে খোজ থোৱা ৰুবিনা দেৱীৰ আদৰ্শ জীৱন হওঁক অন্যতম নিদৰ্শন।

Tags
অসমীয়া বাতৰি