টীয়কত গণ সংক্ৰামনৰ সংকা,দিনে ওলাইছে ভিন্ন স্থানত COVID ৰোগী, আজি উপ ডাকঘৰ আৰু লাহিংৰ অসম গ্ৰামীণ বিকাশ বেংকৰ কৰ্মচাৰীৰ দেহতো ধৰা পৰিল কভিড পজিটিভ
TEOK:সমগ্ৰ ৰাজ্যতে ক'ৰোণাৰ ভয়াবহতাৰ সময়তে টীয়কৰ উপ ডাকঘৰৰ কৰ্মচাৰী কভিড-১৯ ত আক্ৰান্ত হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।জানিব পৰা মতে
জিন্তু দত্ত নামৰ ডাকঘৰৰ কৰ্মচাৰীজন আক্ৰান্ত হৈছে ক'ৰোণাত।যোৱা সপ্তাহৰ পৰা সামান্য শাৰীৰিক অসুস্থতাৰ বাবে কাৰ্যালয়লৈ অহা নাছিল যদিও যোৱা সোমবাৰে কিছু সময়ৰ বাবে কাৰ্যালয়লৈ আহিছিল।ইতিমধ্যে স্বাস্থ্য বিভাগৰ লোক ডাকঘৰত উপস্থিত হৈ অহা ১৪ দিনৰ বাবে টীয়কৰ এই উপ ডাকঘৰৰ কৰ্মচাৰীসকলক কৰ্মক্ষেত্ৰলৈ নাহি হোম কোৱাৰেন্টাইন হ'বলৈ নিৰ্দেশ দিছে আৰু যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে।ইপিনে টীয়কৰ লাহিঙত
এম এল গুপ্তা নামৰ লাহিঙৰ অসম গ্ৰামীণ বিকাশ বেংকৰ কৰ্মচাৰীজনৰ কভিড-১৯ ৰ ফলাফল পজিটিভ বুলি জানিব পৰা গৈছে৷গুপ্তাৰ ঘৰ যোৰহাট স্বাস্থ্য বিভাগে ইতিমধ্যে ঘোষণা কৰা কন্টেমেন জ’নত থকা যোৰহাট নগৰৰ কালিস্থানত৷উল্লেখযোগ্য যে গুপ্তাৰ ককায়েকৰ ফলাফলো পজিটিভ আহিছিল বুলি জানিব পৰা গৈছে৷স্বাস্থ্য বিভাগৰ লোকে বেংকৰ প্ৰবন্ধক আৰু আন কৰ্মচাৰী সকলকো স্বাৱ টেষ্ট কৰিবলৈ নিৰ্দেশ দিছে। টীয়কৰ কেইবাটাও জন সমাগম হোৱা কাৰ্যালয়ৰ কৰ্মচাৰীৰ দেহত কভিড পজিটিভ পোৱা গৈছে যি অনাগত দিনত অধিক ক্ষীপ্ৰতাৰে গণ সক্ৰমণ ঘটাব বুলি সন্দেহ প্ৰকাশ কৰিছে সচেতন মহলে ।

Tags
অসমীয়া বাতৰি