SDRF বাহিনীৰ পাঁচ ঘণ্টাযোৰা অভিযানৰ অন্তত উদ্ধাৰ যুৱকৰ মৃতদেহ
শনিবাৰে নিশা ব্ৰহ্মপুত্ৰ বাঢ়নি পানীত মাছ মাৰিবলৈ গৈ সন্ধানহীন হৈ আছিল কলিয়াবৰৰ দীপক শইকীয়া নামৰ যুৱকজন। শিলঘাট আৰক্ষী চকী এলেকাৰ ২নং বিহদুবিত সংঘটিত হৈছে ঘটনাটো।
শিলঘাট আৰক্ষী চকী এলেকাৰ চামধৰা গাঁৱৰ দ্বীপক শইকীয়া ওৰফে ৰাজুৱে শনিবাৰে নিশা ৮ মান বজাত দুই বন্ধু প্ৰবাল হাজৰিকা আৰ চম্পক বৰাৰ সৈতে মাছ মাৰিবলৈ গৈছিল ২ নং বিহদুবিত।
মাছ মৰাত অন্তত বাঢ়নি পানীৰে সাতুৰি উভতি আহোতে নিখোজ হয় তিনি বন্ধুৰ মাজৰ এজন।
চম্পক আৰু প্ৰবাল পানীৰ পৰা পাৰলৈ আহিল, কিন্তু উভতি নাহিল দীপক।
শনিবাৰে নিশাই সংঘটিত ঘটনাৰ খবৰ দেওবাৰে পূৱাহে লাভ কৰে সন্ধানহীন দীপক শইকীয়াৰ পৰিয়ালে। তাকে লৈ সৃষ্টি হৈছে ৰহস্যৰ।
ইফালে, ঘটনাস্থলীত উদ্ধাৰ হৈছে দীপকৰ পেন-চাৰ্ট আৰু চেণ্ডেল।
বাঢ়নি পানীত নিখোজ দীপকৰ সন্ধানত দেওবাৰে পুৱা আৰক্ষী উপষ্ঠিতিত অভিযান চলাই SDRF বাহিনীয়ে। সন্ধানহীন দীপকৰ দুই বন্ধুক লগত লৈ পাঁচ ঘণ্টাযোৰা অভিযান চলাই SDRF বাহিনীয়ে দেওবাৰে বিয়লি উদ্ধাৰ কৰে যুৱকজনৰ মৃতদেহ।

Tags
অসমীয়া বাতৰি